ৰোনাল্ডোৰ অনুপস্থিতিত এ এফ চি চেম্পিয়নছ লীগ ২ৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ আল নাছৰ
ৰিয়াদ, ১৯ ফেব্ৰুৱাৰী (হি.স.)। পৰ্তুগীজ ফুটবল কিংবদন্তি ক্রিষ্টিয়ানো ৰোনাল্ডোৰ অনুপস্থিতিত ছৌদি আৰৱৰ ক্লাব আল নাছৰে এ এফ চি চেম্পিয়নছ লীগ ২ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আল নাছৰে তুৰ্কমেনিস্তানৰ আৰ্কাডাগক ১-০ গ’লত পৰাস্ত কৰি
पुर्तगाल के स्टार फुटबॉलर क्रिस्टियानो रोनाल्डो


ৰিয়াদ, ১৯ ফেব্ৰুৱাৰী (হি.স.)। পৰ্তুগীজ ফুটবল কিংবদন্তি ক্রিষ্টিয়ানো ৰোনাল্ডোৰ অনুপস্থিতিত ছৌদি আৰৱৰ ক্লাব আল নাছৰে এ এফ চি চেম্পিয়নছ লীগ ২ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আল নাছৰে তুৰ্কমেনিস্তানৰ আৰ্কাডাগক ১-০ গ’লত পৰাস্ত কৰি দুখন খেলত ২-০ গ’লত সৰ্বমুঠ জয় নিশ্চিত কৰে।

৪১ বছৰীয়া ৰোনাল্ডো মেচখনত দলৰ অংশ নাছিল আৰু ষ্টেণ্ডৰ পৰা চাইছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ছৌদি প্ৰ’ লীগ আৰু এ এফ চি চেম্পিয়নছ লীগ ২ৰ আগন্তুক গুৰুত্বপূৰ্ণ মেচসমূহৰ বাবে তেওঁক জিৰণি দিয়া হৈছে। ২০২২ চনৰ ডিচেম্বৰ মাহত ৰিয়াদৰ আল নাছৰত যোগদান কৰাৰ পিছত তেওঁ এতিয়াও কোনো ডাঙৰ খিতাপ লাভ কৰিব পৰা নাই।

কোৱাৰ্টাৰ ফাইনেলত ইউ এ ইৰ ক্লাব আল ৱাছলৰ বিৰুদ্ধে খেলিব আল নাছৰ। অহা ৩ মাৰ্চত দুয়োটা দলৰ মাজত প্ৰথমখন খেল অনুষ্ঠিত হ’ব।

ইফালে শীৰ্ষ স্তৰৰ এ এফ চি চেম্পিয়নছ লীগ এলিট প্ৰতিযোগিতাত জাপানৰ তিনিটা আৰু পূব অঞ্চলৰ দক্ষিণ কোৰিয়াৰ দুটা ক্লাবে লাষ্ট-১৬ পৰ্যায়ত প্ৰৱেশ কৰিছে। মালয়েছিয়াৰ জোহৰ দাৰুল তা’জিম আৰু থাইলেণ্ডৰ বুৰিৰাম ইউনাইটেডেও পৰৱৰ্তী ৰাউণ্ডলৈ আগবাঢ়ি যোৱাৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ মেলবৰ্ণ চিটিয়ে ২০১৬ চনৰ পিছত লাষ্ট ১৬ত প্ৰৱেশ কৰা দ্বিতীয়টো অষ্ট্ৰেলিয়ান দল হিচাপে পৰিগণিত হয়।

পশ্চিম অঞ্চলত চৌদি আৰৱৰ ক্লাবসমূহে আধিপত্য বিস্তাৰ কৰিছিল। আল হিলাল, আল আহলি, আৰু আল ইতিহাদে শীৰ্ষ চাৰিটাত স্থান দখল কৰে। ইৰাণৰ ট্ৰেক্টৰ ক্লাবে তৃতীয় স্থান দখল কৰাৰ বিপৰীতে কাটাৰৰ আল ডুহাইল আৰু আল ছাদৰ লগতে আল ৱাহদাইও লাষ্ট ১৬ত স্থান লাভ কৰে। ২ আৰু ৩ মাৰ্চত অনুষ্ঠিত হ’ব লাষ্ট ১৬ মেচৰ প্ৰথম লেগ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande