মিঞা খেদা লোকসকলক ভাবুকি দি জাগীৰোড আৰক্ষীৰ জালত যুৱক
মৰিগাও, ১৯ ফেব্ৰুৱাৰী (হি.স.)। অসমত উৎপাত কৰি থকা মিঞা খেদা পাৰ্টিক মুকলি প্ৰত্য়াহ্বান, দম আছে যদি জাগীৰোডত আহি মিঞা খেদাৰ সাহস দেখাই দিয়াৰ হুংকাৰ, জাগীৰোডৰ সকলোতে মিঞাৰে ভৰি থকাৰ দাবী মিঞাৰ গাত হাত দিয়াৰ ফল বুজাই দিব হেনো এজন যুৱকে। মিঞা খেদা পা
মিঞা খেদা লোকসকলক ভাৱুকি দি জাগীৰোড আৰক্ষীৰ জালত যুৱক


মৰিগাও, ১৯ ফেব্ৰুৱাৰী (হি.স.)। অসমত উৎপাত কৰি থকা মিঞা খেদা পাৰ্টিক মুকলি প্ৰত্য়াহ্বান,

দম আছে যদি জাগীৰোডত আহি মিঞা খেদাৰ সাহস দেখাই দিয়াৰ হুংকাৰ, জাগীৰোডৰ সকলোতে মিঞাৰে ভৰি থকাৰ দাবী

মিঞাৰ গাত হাত দিয়াৰ ফল বুজাই দিব হেনো এজন যুৱকে। মিঞা খেদা পাৰ্টিক চিধা কৰিবলৈ এঘন্টাও সময় নালাগে এইজন যুৱকৰ।

সামাজিক মাধ্যমত ভাইৰেল এটা বিশেষ ভিডিঅক কেন্দ্ৰ কৰি জাগীৰোডত চাঞ্চল্য। বিতৰ্কিত মন্তব্য কৰা যুৱক জনক আটক জাগীৰোড আৰক্ষীৰ।

তাজুল আহমেদ নামৰ যুৱক জনৰ ঘৰ চিৰাং জিলাৰ বেদলাংখাইতিত।

জাগীৰোডত নিৰ্মীয়মান টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত কৰ্মৰত যুৱক জনে বিপিএফৰ আইটি চেলৰ সৈতে জড়িত বুলি দাবী কৰে। আনহাতে যুৱক গৰাকীৰ গ্ৰেপ্তাৰৰ পিছতেই জাগীৰোড আৰক্ষী থানাত উপস্থিত হয় জাগীৰোডৰ বীৰ লাচিত সেনাৰ বিষয়ববীয়া । উচটনি মূলক মন্তব্য প্ৰদান কৰা যুৱকজনক উচিত শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনোৱাৰ লগতে আগন্তুক দিনত এনেদৰে মন্তব্য নকৰিবলৈ সকীয়াই দিয়ে । এইক্ষেত্ৰত মন্ত্ৰী পীযুষ হাজৰিকাক হস্তক্ষেপ কৰাৰো আহ্বান জনাই বীৰ লাচিত সেনাৰ বিষয়ববীয়া সকলে ।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande