ভাৰত আৰু নেদাৰলেণ্ডৰ মাজত দ্বিপাক্ষিক সহযোগিতাৰ আলোচনা
নতুন দিল্লী, ১৯ ফেব্ৰুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ইণ্ডিয়া এ আই ইমপেক্ট ছামিটৰ সময়ত ডাচ প্ৰধানমন্ত্ৰী ডিক শ্বোফৰ সৈতে সাক্ষাৎ কৰি দ্বিপাক্ষিক সহযোগিতাৰ বিষয়ে চৰ্চা কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয
प्रधानमंत्री नरेन्द्र मोदी नई दिल्ली में इंडिया एआई इम्पैक्ट समिट 2026 के दौरान नीदरलैंड्स के प्रधानमंत्री डिक स्कोफ से मुलाकात करते हुए।


নতুন দিল্লী, ১৯ ফেব্ৰুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ইণ্ডিয়া এ আই ইমপেক্ট ছামিটৰ সময়ত ডাচ প্ৰধানমন্ত্ৰী ডিক শ্বোফৰ সৈতে সাক্ষাৎ কৰি দ্বিপাক্ষিক সহযোগিতাৰ বিষয়ে চৰ্চা কৰে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এক্স-পোষ্টক জনোৱা মতে, বৈঠকৰ সময়ত দুয়োগৰাকী নেতাই কৃত্ৰিম বুদ্ধিমত্তা (এআই)ক অৰ্থনৈতিক আৰু সামাজিক পৰিৱৰ্তনৰ আহিলা হিচাপে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত মত বিনিময় কৰে। ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিৰ আলোচনা সমাপ্ত হোৱাত তেওঁলোকে আদৰণি জনাই ইয়াৰ আগতীয়া ৰূপায়ণৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰে।

দুয়োগৰাকী নেতাই প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰত-নেদাৰলেণ্ডৰ সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ লগতে অৰ্থনৈতিক অংশীদাৰিত্বৰ নতুন সুযোগৰ মূলধন হিচাপে লোৱাত সন্মতি প্ৰকাশ কৰে। বিশ্বজুৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখন আৰু অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিও পুনৰবাৰ প্ৰকাশ কৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande