
ডিব্ৰুগড়, ১৯ ফেব্ৰুৱাৰী (হি.স.)। ডিব্ৰুগড়ত চাহ বাগিচাৰ বুথ সমিতিৰ বৈঠকত বিজেপি ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন। ইতিহাস ৰচনা কৰি BJP ৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে অংশগ্ৰহণ কৰিলে চাহ বাগিছাৰ বুথ সমিতিৰ বৈঠকত। ডিব্ৰুগড় বিধান সভা সমষ্টিৰ ২৩১ নং মনোহাৰী বাগান প্ৰাথমিক বিদ্যালয় বুথ কেন্দ্ৰত অনুষ্ঠিত বুথ সভাত আজি দিনৰ ভাগত উপস্থিত হয় BJP ৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকী।
দুদিনীয়া ভ্ৰমণ সূচীৰে উজনী অসমলৈ অহা ভাৰতীয় জনতা পাৰ্টীৰ নৱ নিযুক্ত ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে আজি ডিব্ৰুগড় বিধান সভা সমষ্টিৰ ২৩১ নং মনোহাৰী বাগান প্ৰাথমিক বিদ্যালয় বুথ কেন্দ্ৰত অনুষ্ঠিত বুথ বৈঠকত উপস্থিত হৈ আগন্তুক অসম বিধান সভা নিৰ্বাচনৰ বাবে সাংগঠনিক দিশ সমূহৰ বিষয়ে বিজেপিৰ কাৰ্যকৰ্তা সকলৰ সৈতে মত বিনিময় কৰে। সভাপতি নীতিন নবীনে অংশগ্ৰহণ কৰা বুথ সমিতিৰ বৈঠকত ডিব্ৰুগড় বিধান সভা সমষ্টিৰ বিধায়ক,মন্ত্ৰী প্ৰশান্ত ফুকন,কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল,সাংসদ ৰামেশ্বৰ তেলী অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকে ধৰি বিজেপিৰ দলীয় নেতা কৰ্মীসকল উপস্থিত আছিল।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা