
চৰাইদেউ, ১৯ ফেব্ৰুৱাৰী (হি.স.)। সোণাৰিত বিৰোধীক তীব্ৰ সমালোচনা সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ। সোণাৰিত উপস্থিত হৈ অসমত বৰ্তমান বিৰোধীৰ স্থিতি শূণ্য বুলি মন্তব্য সাংসদ গৰাকীৰ। অখিল গগৈকো সমালোচনা কামাখ্যা প্ৰসাদ তাছাৰ। সোণাৰিৰ চৰাইদেউ জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু ৰাজ্যিক প্ৰভাৰি হৰিশ দ্বিবেদী।
সোণাৰিত উপস্থিত হৈ চৰাইদেউ জিলাৰ সোণাৰি আৰু মাহমৰা সমষ্টিৰ প্ৰাৰ্থী প্ৰত্যাশিৰ নিৰ্বাচনৰ বাবে অনুষ্ঠিত হোৱা বৈঠকত অংশগ্ৰহণ কৰে বিজেপিৰ জেষ্ঠ নেতা দুগৰাকী।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা