হোজাই জিলাত শান্তিপুৰ্ণ দূৰ্গা পুজা পালনৰ বাবে সস্তম আৰক্ষী প্ৰশাসন
হোজাই, ১৫ অক্টোবৰ (হি.স.)। সমাগত দুৰ্গা পূজাক লৈ সস্তম হোজাই জিলাৰ প্ৰশাসনৰ লগতে আৰক্ষী প্ৰশাসন। হোজাই জিলাত সৰ্বমুঠ ৪০৭ খন দূৰ্গাপূজা অনুষ্ঠিত হৱ । সেইহে, হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ পূজা মণ্ডপ সমূহ নিৰিক্ষণ প্ৰশাসনৰ বিষয়াৰ । দূৰ্গা পূজাক লৈ প্ৰ
হোজাই জিলাত শান্তিপুৰ্ণ দূৰ্গা পুজা পালনৰ বাবে সস্তম আৰক্ষী প্ৰশাসন


হোজাই, ১৫ অক্টোবৰ (হি.স.)। সমাগত দুৰ্গা পূজাক লৈ সস্তম হোজাই জিলাৰ প্ৰশাসনৰ লগতে আৰক্ষী প্ৰশাসন। হোজাই জিলাত সৰ্বমুঠ ৪০৭ খন দূৰ্গাপূজা অনুষ্ঠিত হৱ । সেইহে, হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ পূজা মণ্ডপ সমূহ নিৰিক্ষণ প্ৰশাসনৰ বিষয়াৰ । দূৰ্গা পূজাক লৈ প্ৰতিখন আৰক্ষী থানা, জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আৰু হোজাই জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা খনৰ উচ্চ পদস্থ বিষয়া কৰ্মচাৰীক লৈ অনুষ্ঠিত কৰা হৈছে সভা ।

জিলা খনৰ প্ৰতিখন পূজা কমিটিলৈ দিয়া হৈছে নিৰ্দেশনা । পূজা মণ্ডপ সমূহত চিচি কেমেৰাকে ধৰি দৰ্শনাৰ্থীৰ অহা-যোৱা কৰা পথ নিধাৰণ , পৃথকে পৃথকে পুৰুষ-মহিলা পথ ,পূজা মণ্ডপ সমূহত অগ্নি নিৰ্বাপনৰ বাবে ল'বলগীয়া ব্যৱস্থাৰ ওপৰত আলোচনা মৰ্মে নিৰ্দেশনা দিয়া হৈছে। পূজাৰ সময়ছোৱাত হোজাই জিলাত বিশেষকৈ চহৰ অঞ্চলত যানবাহন চলাচল কৰা ক্ষেত্ৰত বিশেষ নিৰ্দেশনা আৰু বিকল্প পথ নিধাৰণ কৰা হৈছে । সেইহে সকলো ৰাইজক নীতি-নিৰ্দেশনা মানি পূজা উপভোগ কৰিবলৈ আহ্বান হোজাই জিলাৰ আৰক্ষী অধীক্ষক গৰাকীৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande