
কামৰূপ, ১৫ অক্টোবৰ (হি.স.): শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথোঁ কেইটামান দিন। দুৰ্গা পূজাক লৈ এতিয়া ৰাজ্য়ৰ আন আন স্থানৰ দৰেই ব্যাপক প্ৰস্তুতি চলিছে ৰঙিয়াতো। এইবাৰ ৰঙিয়াৰ ষ্টেচন ৰোড দুৰ্গা পূজাই উদযাপন কৰিবলৈ লৈছে হীৰক জয়ন্তী বৰ্ষ। ১১ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এইবাৰৰ দুৰ্গোৎসৱ। কেৱল পূজা-অৰ্চনাই নহয়, অসমৰ চহকী কৃষ্টি-সংস্কৃতি আৰু ঐতিহ্যক নৱপ্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়াৰ লক্ষ্যৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে পূজা উদযাপন সমিতিয়ে।
ৰঙিয়াৰ ষ্টেচন ৰোডত এইবাৰ দুৰ্গা পূজাৰ উছাহ দুগুণ। হীৰক জয়ন্তী বৰ্ষ উপলক্ষে ১১ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এই দুৰ্গোৎসৱৰ। অসমৰ কৃষ্টি-সংস্কৃতি, ঐতিহ্য আৰু গৌৰৱোজ্জ্বল ইতিহাসক প্ৰতিফলিত কৰাৰ প্ৰয়াসেৰে সজাই তোলা হ’ব পূজা মণ্ডপ। অসমৰ বিভিন্ন কীৰ্তিচিহ্ন, ঐতিহাসিক স্থাপত্য আৰু স্বকীয় সাংস্কৃতিক পৰম্পৰাৰ আভাস দাঙি ধৰাৰ জৰিয়তে দৰ্শনাৰ্থীক আকৰ্ষিত কৰাৰ লগতে নতুন প্ৰজন্মক অসমৰ গৌৰৱময় ঐতিহ্যৰ সৈতে পৰিচয় কৰাই দিয়াৰ প্ৰয়াস কৰা হৈছে।কেৱল দেৱী বন্দনাতে সীমাবদ্ধ নাথাকি অসমৰ বৰেণ্য ব্যক্তিসকলৰ অৱদান আৰু ৰাজ্যখনৰ সাংস্কৃতিক পৰিচয়কো বিশেষভাৱে উপস্থাপন কৰাৰ লক্ষ্য লৈছে পূজা উদযাপন সমিতিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ