
কামৰূপ, ১৫ অক্টোবৰ (হি.স.): ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে শাৰদীয় দুৰ্গোৎসৱৰ ব্যাপক প্ৰস্তুতি । একেই পৰিৱেশ কামৰূপৰ বৃহত্তৰ নগৰবেৰা অঞ্চলতো । এইবাৰ নগৰবেৰাৰ চাৰিটাকৈ স্থানত পৃথকে পৃথকে শাৰদীয় দুৰ্গাপূজাৰ আয়োজন কৰিছে উদ্যোক্তাসকলে।
নগৰবেৰা আঞ্চলিক দূৰ্গাপূজাৰ লগতে সৰুডোৱা আঞ্চলিক দূৰ্গাপূজা, সাহাপাৰা দুৰ্গোৎসৱ আৰু বিদ্যানগৰ আঞ্চলিক দূৰ্গাপূজা উদযাপন সমিতিয়ে ব্যাপক উৎসা-উদ্দিপনাৰে চলাইছে দূৰ্গাপূজাৰ প্ৰস্তুতি । মূল পূজা মণ্ডপৰ লগতে মঞ্চৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। কৰ্মকৰ্তাসকলে দিনে নিশাই প্ৰস্তুতিৰ কাম কৰা পৰিলক্ষিত হৈছে। পূজা স্থলী সমূহ আটকধুনীয়াকৈ সজাই পৰাই তুলিছে আয়োজক সমিতিয়ে। পূজা সমিতি সমূহে প্ৰস্তুতি চলোৱাৰ সমান্তৰালকৈ মৃন্ময় শিল্পীসকলেও দুৰ্গোৎসৱৰ প্ৰতিমাসমূহত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে। এক কথাত ব্যস্ততাৰ অন্ত নাই পূজা সমিতি সমূহৰ লগতে মৃন্ময় শিল্পীসকলৰ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ