শাৰদীয় দুৰ্গোৎসৱ উদযাপনৰ বাবে প্ৰস্তুতি তুংগত
শাৰদীয় দুৰ্গোৎসৱ উদযাপনৰ বাবে প্ৰস্তুতি তুংগত।
শাৰদীয় দুৰ্গোৎসৱ উদযাপনৰ বাবে প্ৰস্তুতি তুংগত


বৰপেটা, ১৪ অক্টোবৰ (হি.স.): বৰপেটা বিষ্ণুপুৰত শক্তি, সাহস আৰু মমতাৰ প্ৰতীক দেৱী দুৰ্গাক আৰাধনা কৰাৰ বাবে ব্য়াপক প্ৰস্তুতি চলাই থকা হৈছে । বিষ্ণুপুৰ সাৰ্বজনীন শাৰদীয় দুৰ্গোৎসৱে এইবেলি ৩৩ সংখ্যক বৰ্ষত ভৰি দিছে ।

অহা ১৬ অক্টোবৰৰ পৰা ২১ অক্টোবৰলৈ ৬ দিনীয়াকৈ অনুষ্ঠিত হবলগীয়া শাৰদীয় দুৰ্গোৎসৱ উদযাপনৰ বাবে প্ৰস্তুতি তুংগত উঠিছে। শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাক পূজা-অৰ্চনা কৰাৰ বাবে সুন্দৰকৈ সজাই পৰাই তুলিছে দূৰ্গা দেৱীৰ প্ৰতিমা। লগতে আটকধুনীয়াকৈ সজাইছে পূজাৰ মণ্ডপ।

আধ্যাত্মিক পৰিবেশৰ মাজেৰে সমাজৰ অপায়-অমংগল, ব্যাধি দূৰ কৰাৰ বাবে প্ৰাৰ্থনা কৰিব ভক্তগণে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande