ফকিৰাগ্ৰামত দুৰ্গাপূজা আৰু প্ৰতিমা বিসৰ্জনৰ এছ অ পি সন্দৰ্ভত গুৰুত্বপূৰ্ণ সভা
কোকৰাঝাৰ, ১৪ অক্টোবৰ (হি.স.)। আগন্তুক দুৰ্গাপূজা আৰু দুৰ্গা প্ৰতিমা বিসৰ্জন শান্তিপূৰ্ণ, সুশৃংখল আৰু নিৰাপদভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে ফকিৰাগ্ৰাম পৌৰসভাৰ উদ্যোগত তথা জিলা প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। ফকিৰাগ্ৰামৰ শ্বহী
ফকিৰাগ্ৰামত দুৰ্গাপূজা আৰু প্ৰতিমা বিসৰ্জনৰ SOP সন্দৰ্ভত গুৰুত্বপূৰ্ণ সভা


ফকিৰাগ্ৰামত দুৰ্গাপূজা আৰু প্ৰতিমা বিসৰ্জনৰ SOP সন্দৰ্ভত গুৰুত্বপূৰ্ণ সভা


কোকৰাঝাৰ, ১৪ অক্টোবৰ (হি.স.)। আগন্তুক দুৰ্গাপূজা আৰু দুৰ্গা প্ৰতিমা বিসৰ্জন শান্তিপূৰ্ণ, সুশৃংখল আৰু নিৰাপদভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে ফকিৰাগ্ৰাম পৌৰসভাৰ উদ্যোগত তথা জিলা প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। ফকিৰাগ্ৰামৰ শ্বহীদ বেদীৰ সমীপৰ কমিউনিটি হলত অনুষ্ঠিত সভাখনত দুৰ্গাপূজা আৰু প্ৰতিমা বিসৰ্জনৰ সময়ত পালন কৰিবলগীয়া মানক পৰিচালনা পদ্ধতি (এছ অ পি) সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়।

সভাত ফকিৰাগ্ৰাম পৌৰসভাৰ পৌৰপতি ছুলতান আলম, উপ-পৌৰপতি প্ৰণৱ শৰ্মা, ডি এছ পি বিনন্দ বসুমতাৰী, ফকিৰাগ্ৰাম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অৰ্জুন দাস আৰু প্ৰাক্তন পৌৰপতি সুৰেন্দ্ৰ শৰ্মাৰ লগতে বিভিন্ন ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ, দুৰ্গাপূজা সমিতি আৰু প্ৰতিমা বিসৰ্জন সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

সভাত দুৰ্গাপূজাৰ সময়ছোৱাত আইন-শৃংখলা বজাই ৰখা, ভক্ত আৰু সাধাৰণ জনতাৰ নিৰাপত্তা সুনিশ্চিত কৰা, যান-বাহন চলাচল নিয়ন্ত্ৰণ কৰা আৰু প্ৰতিমা বিসৰ্জনৰ সময়ত উদ্ভৱ হ’ব পৰা সম্ভাৱ্য সমস্যাসমূহ মোকাবিলা কৰাৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয়। লগতে প্ৰতিমা বিসৰ্জন প্ৰক্ৰিয়া সুশৃংখলভাৱে পৰিচালনা কৰা আৰু সংশ্লিষ্ট সমিতিসমূহে প্ৰশাসনৰ নিৰ্দেশনা তথা নিৰ্ধাৰিত SOP মানি চলাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।

দুৰ্গাপূজাৰ সময়ছোৱাত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় আৰু সকলো শ্ৰেণীৰ লোকে শান্তিপূৰ্ণ পৰিৱেশত পূজা উপভোগ কৰিব পাৰে, তাৰ বাবে প্ৰশাসন, আৰক্ষী, পৌৰসভা আৰু পূজা সমিতিসমূহৰ মাজত সমন্বয় বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব দিয়া হয়।

সভাখনৰ জৰিয়তে দুৰ্গাপূজা আৰু প্ৰতিমা বিসৰ্জন সুকলমে সম্পন্ন কৰাৰ বাবে সংশ্লিষ্ট সকলো পক্ষক দায়িত্বশীল ভূমিকা পালন কৰাৰ আহ্বান জনোৱা হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande