
বজালী, ১৪ অক্টোবৰ (হি.স.)। দ্বিতীয় বাৰ্ষিক বৃহত্তৰ পাঠশালা সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গা পূজা উদযাপনৰ ব্যাপক প্ৰস্তুতি |
৬ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ সাজু দুৰ্গাপুজা মহোৎসৱ |
আটকধুনীয়াকৈ ১৫ লক্ষ্যাধিক ব্যয় সাপেক্ষে নিৰ্মাণ হৈছে ৰভা মণ্ডপ |
১৬ অক্টোবৰৰ পৰা ২১ অক্টোবৰলৈ অনুষ্ঠিত হ'ব দুৰ্গাপূজা |
উদযাপন সমিতিৰ সদস্য সকলে লগ হৈ দখল নামৰ এখন নাটকো মঞ্চস্থ কৰা হ'ব |
এই অনুষ্ঠানত সকলো ৰাইজে যথেষ্ট সহায় সহযোগিতা প্ৰদান কৰিছে |
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা