দুৰ্গা পূজাক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁৱত ব্যাপক প্ৰস্তুতি
বঙাইগাঁও, ১৪ অক্টোবৰ (হি.স.)। দুৰ্গা পূজাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ দিশে বঙাইগাঁও জিলা প্ৰশাসন শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। দুৰ্গা পূজাক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁৱতো চলিছে ব্যাপক প্ৰস্তুতি। দুৰ্গা পূজাৰ সময়ছোৱ
দুৰ্গা পূজাক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁৱত ব্যাপক প্ৰস্তুতি


বঙাইগাঁও, ১৪ অক্টোবৰ (হি.স.)।

দুৰ্গা পূজাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ দিশে বঙাইগাঁও জিলা প্ৰশাসন

শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। দুৰ্গা পূজাক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁৱতো চলিছে ব্যাপক প্ৰস্তুতি।

দুৰ্গা পূজাৰ সময়ছোৱাত আইন-শৃংখলা বজাই ৰখা আৰু বিসৰ্জন পৰ্ব সুচাৰুৰূপে সম্পন্ন কৰাৰ লক্ষ্যৰে তৎপৰ হৈ পৰিছে বঙাইগাঁও জিলা প্ৰশাসন।

ইয়াৰ অংশ হিচাপে বঙাইগাঁও বিসৰ্জন ঘাট পৰিদৰ্শন কৰে জিলা আয়ুক্ত লক্ষ্মীনন্দন চহৰীয়া আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই।

পৰিদৰ্শনকালত বিসৰ্জন ঘাটৰ প্ৰস্তুতিৰ লগতে দুৰ্গা পূজাৰ সময়ছোৱাত বিসৰ্জন পৰ্ব সুচাৰুৰূপে সম্পন্ন কৰাৰ ব্যৱস্থাসমূহৰ বুজ লয় জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক গৰাকীয়ে।

শান্তিপূৰ্ণ আৰু সুকলমে দুৰ্গা পূজা উদযাপন কৰাৰ লক্ষ্যৰে বঙাইগাঁও জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande