নগাঁৱৰ আমনিত দুৰ্গাপূজাৰ ব্যাপক প্ৰস্তুতি
নগাঁৱৰ আমনিতো এতিয়া দেখা গৈছে দুৰ্গাপূজাৰ ব্যাপক প্ৰস্তুতি।
নগাঁৱৰ আমনিত দুৰ্গাপূজাৰ ব্যাপক প্ৰস্তুতি


নগাঁও, ১৩ অক্টোবৰ (হি.স.): শাৰদীয় দুৰ্গোৎসৱলৈ মাজত আৰু কেইটামান দিন । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁৱৰ আমনিতো এতিয়া দেখা গৈছে দুৰ্গাপূজাৰ ব্যাপক প্ৰস্তুতি ।

আমনিৰ পূজা স্থলীত দিনে-নিশাই চলিছে পূজাৰ প্ৰস্তুতি। আটকধুনীয়াকৈ সজাই তোলা হৈছে পূজা মণ্ডপ । মণ্ডপৰ সৌন্দৰ্যবৰ্ধনৰ লগতে আলোকসজ্জা আৰু অন্যান্য কাম-কাজতো ব্যস্ত হৈ পৰিছে উদ্যোক্তাসকল । বিশেষকৈ, অসম গৌৰৱ চাহৰ প্ৰতীকী আৰু মণ্ডপৰ সন্মুখভাগত নিৰ্মাণ কৰা হৈছে এটি শিৱলিংগ, যিয়ে পূজা মণ্ডপৰ সৌন্দৰ্য অধিক আকৰ্ষণীয় কৰি তুলিছে । পূজাৰ দিনকেইটাত ভক্তসকলে যাতে সুন্দৰ আৰু আধ্যাত্মিক পৰিৱেশত মা দুৰ্গাৰ আশীষ গ্ৰহণ কৰিব পাৰে, তাৰ বাবে পূজা সমিতিয়ে অব্যাহত ৰাখিছে সু–ব্য়ৱস্থাৰ প্ৰস্তুতি ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande