
নলবাৰী, ১৩ অক্টোবৰ (হি.স.)। শাৰদীয় দুৰ্গোৎসৱলৈ মাজত আৰু কেইটামান দিন। ৰাজ্যৰ চৌদিশে এতিয়া দুৰ্গা পূজাক লৈ ব্যাপক উছাহ-উদ্দীপনা। তাৰ মাজতে ঐতিহ্য মণ্ডিত নলবাৰীৰ শ্ৰীশ্ৰী হৰি মন্দিৰতো দুৰ্গা পূজাৰ চলিছে পূৰ্ণগতিত প্ৰস্তুতি।মন্দিৰ প্ৰাংগণত পূজাৰ আয়োজনক লৈ ব্যস্ত হৈ পৰিছে আয়োজকসকল।
মণ্ডপ সজোৱা, পোহৰৰ ব্যৱস্থা আৰু অন্যান্য আনুষংগিক কাম-কাজেৰে পূজাৰ প্ৰস্তুতিয়ে লাভ কৰিছে পূৰ্ণতা।প্ৰতি বছৰে দুৰ্গা পূজাৰ সময়ত ভক্তপ্ৰাণ ৰাইজৰ সমাগমে মুখৰিত হৈ পৰে এই ঐতিহ্যমণ্ডিত ধৰ্মীয় স্থান। এইবাৰো মা দুৰ্গাৰ আৰাধনাক লৈ ভক্তসকলৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ আৰু আনন্দ।শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ বন্দনাৰে সমগ্ৰ নলবাৰী চহৰতে এতিয়া বিৰাজ কৰিছে এক শাৰদীয় পৰিৱেশ।এতিয়া কেৱল অপেক্ষা পূজাৰ সেই দিনটৈলৈ ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ