
গুৱাহাটী, ০৮ জানুৱাৰী (হি.স.)। অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বৃহস্পতিবাৰে ত্রিপুৰাৰ মুখ্যমন্ত্রী ড০ মাণিক সাহাক জন্মদিনত উষ্ম শুভেচ্ছা জ্ঞাপন কৰে ৷ ড° সাহাৰ নেতৃত্বত ত্ৰিপুৰাত যি উন্নয়ন আৰু অগ্ৰগতি লাভ কৰা হৈছে তাৰ প্ৰশংসা কৰে।
মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মা ত্রিপুৰসুন্দৰীৰ পৱিত্ৰ ভূমি ড০ মাণিক সাহাৰ পৰিচালিত আৰু নেতৃত্বত প্রগতি আৰু উন্নয়নৰ নতুন যুগৰ সাক্ষী হৈ আছে, যিয়ে তেওঁৰ দূৰদৰ্শী নেতৃত্ব আৰু জনসেৱাৰ প্ৰতি দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।
লগতে মা কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওচৰত ডাঃ মাণিক সাহাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা জনায়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া