ৰাজ্যত আৰু কেইবাদিনলৈ অব্য়াহত থাকিব প্ৰচণ্ড শীত; ঘন কুঁৱলীৰ সতৰ্কবাণী
গুৱাহাটী, ০৭ জানুৱাৰী (হি.স.)। অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ অধিকাংশ অঞ্চলত আগন্তুক কেইবাদিনত শীত আৰু শুকান বতৰ অব্যাহত থাকিব । অৱশ্যে ঠায়ে ঠায়ে ঘন কুঁৱলীৰ বাবে স্বাভাৱিক জীৱন যাত্ৰাত ব্যাঘাত জন্মিব পাৰে । এই সতৰ্কবাণী দিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ
ৰাজ্যত আৰু কেইবাদিনলৈ অব্য়াহত থাকিব প্ৰচণ্ড শীত; ঘন কুঁৱলীৰ সতৰ্কবাণী


গুৱাহাটী, ০৭ জানুৱাৰী (হি.স.)। অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ অধিকাংশ অঞ্চলত আগন্তুক কেইবাদিনত শীত আৰু শুকান বতৰ অব্যাহত থাকিব । অৱশ্যে ঠায়ে ঠায়ে ঘন কুঁৱলীৰ বাবে স্বাভাৱিক জীৱন যাত্ৰাত ব্যাঘাত জন্মিব পাৰে । এই সতৰ্কবাণী দিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীয়ে । বতৰ বিজ্ঞান বিভাগৰ মতে অহা পাঁচ দিনত অসম, মেঘালয়ত সৰ্বাধিক তাপমাত্ৰা ২ৰ পৰা ৩ ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পাব পাৰে ।

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা শেহতীয়া তথ্য অনুসৰি ত্ৰিপুৰা আৰু ইয়াৰ কাষৰীয়া অঞ্চলত বৰ্তমান ঘূৰ্ণিবতাহীয় পৰিসঞ্চালন সক্ৰিয় হৈ আছে, যি সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ১.৫ কিলোমিটাৰ উচ্চতালৈ বিস্তৃত । অৰুণাচল প্ৰদেশৰ একাংশ স্থানত পাতল বৰষুণ হোৱাৰ সম্ভাৱনা দেখা গৈছে । অৱশ্য়ে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত শুকান বতৰেই আধিপত্য বিস্তাৰ কৰিছে ।

মিজোৰামত নিশাৰ তাপমাত্ৰা লক্ষণীয়ভাৱে বৃদ্ধি পাইছে যদিও আন ৰাজ্যসমূহত বিশেষ পৰিৱৰ্তন হোৱা নাই । তাপমাত্ৰা মিজোৰামত স্বাভাৱিকতকৈ তলত, অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাত প্ৰায় স্বাভাৱিক আৰু মণিপুৰত স্বাভাৱিকতকৈ অলপ ওপৰত নথিভুক্ত হৈছে ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande