তেজপুৰত আলোকচিত্ৰ শিল্পী নলিনী বৰুৱাৰ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন
শোণিতপুৰ, ০৭ জানুৱাৰী (হি.স.)। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোকচিত্ৰ শিল্পী নলিনী বৰুৱাৰ আজি বুধবাৰে ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় । বিশিষ্ট আলোকচিত্ৰ শিল্পীগৰাকীয়ে মঙলবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰিছিল । শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কু
তেজপুৰত আলোকচিত্ৰ শিল্পী নলিনী বৰুৱাৰ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন


শোণিতপুৰ, ০৭ জানুৱাৰী (হি.স.)। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোকচিত্ৰ শিল্পী নলিনী বৰুৱাৰ আজি বুধবাৰে ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় । বিশিষ্ট আলোকচিত্ৰ শিল্পীগৰাকীয়ে মঙলবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰিছিল । শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাস, জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থকে ধৰি বিভিন্ন বিশিষ্ট ব্যক্তিয়ে তেওঁলৈ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

শিল্পীগৰাকীৰ মহাপ্ৰয়াণে অসমৰ আলোকচিত্ৰ শিল্পজগতত এক গভীৰ শোকৰ ছাঁ পেলাইছে । ৯৬ বছৰ বয়সত তেওঁ মঙলবাৰে নিশা ৮.২৬ বজাত তেজপুৰৰ বাৰহলিয়াস্থ নিজা বাসভৱনত বার্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে। আজি বুধবাৰে তেজপুৰ চাৰ্চফিল্ডত বৰেণ্য আলোকচিত্ৰ শিল্পীগৰাকীক জিলা প্ৰশাসন আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ৰাজহুৱাকৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি থকা নলিনী বৰুৱাই আলোকচিত্ৰৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্য, লোকজীৱন, জনজাতীয় সংস্কৃতি আৰু সামাজিক ৰূপান্তৰৰ এক অনন্য দলিল বিশ্বমঞ্চলৈ আগবঢ়াইছিল । তেজপুৰ চাৰ্চ ফিল্ডত বুধবাৰে শিল্পীগৰাকীৰ প্ৰতি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তেজপুৰ চহৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে।

তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই শিল্পীগৰাকীৰ নশ্বৰদেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । শোণিতপুৰ জিলা প্ৰশাসনে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেজপুৰ বাণ থিয়েটাৰ, অসমীয়া ক্লাব, তৰুণ অসম সংঘ, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়ন, সদৌ অসম সাংবাদিক সন্থা, জাফা, তেজপুৰ ফাটোগ্ৰাফী ক্লাব, অসম গণ পৰিষদৰ শোণিতপুৰ জিলা, ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ববীয়াই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande