
তামুলপুৰ, ০৭ জানুৱাৰী (হি.স.)। শতবৰ্ষ গৰকা দক্ষিণ গান্ধীবাৰী মহাপ্ৰভু শ্ৰী শ্ৰী জগন্নাথ মন্দিৰত চুৰিকাৰ্য। চোৰে লৈ গ'ল মন্দিৰৰ সোণ-ৰূপৰ গহনা, শৰাই,টিলিঙা,তাম্ৰপত্ৰকে ধৰি বহু মহামূল্যবান সামগ্ৰী।
১৮৯৪ চনত স্থাপিত তামুলপুৰ জিলাৰ শতবৰ্ষ গৰকা দক্ষিণ গান্ধীবাৰী মহাপ্ৰভু শ্ৰী শ্ৰী জগন্নাথ মন্দিৰত আজি নিশা চুৰি কাৰ্য সংঘটিত হয় ৷
নিশা চোৰে লুটি লৈ গ'ল পূজাৰ সামগ্ৰী,সোণ ৰূপৰ গহণা,শৰাই,টিলিঙা তাম্ৰপত্ৰকে ধৰি বহু মহামূল্যবান সামগ্ৰী ৷
স্থানীয় ৰাইজে দুস্কৃতিকাৰীক শীঘ্ৰে কৰায়ত্ত কৰিবলৈ আহ্বান জনাইছে আৰক্ষী প্ৰশাসনক।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা