
নতুন দিল্লী, ০৭ জানুৱাৰী (হি.স.)। ভাৰতত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপত বাংলাদেশ দলৰ অংশগ্ৰহণ সন্দৰ্ভত উত্থাপিত নিৰাপত্তাজনিত উদ্বেগ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে।
ভাৰতত ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ নিৰ্দেশমৰ্মে বাংলাদেশৰ বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক আই পি এলৰ পৰা বাদ দিয়াৰ পাছত ভাৰত আৰু বাংলাদেশৰ মাজত উত্তেজনা সৃষ্টি হোৱাৰ সময়তে আই চি চিৰ এই বিবৃতি আহিছে। এই সিদ্ধান্তত ক্ষুব্ধ হৈ বিচিবিয়ে আইচিচিলৈ পত্ৰ লিখি ভাৰতত নিৰ্ধাৰিত বাংলাদেশৰ টি-২০ বিশ্বকাপৰ চাৰিওখন মেচ সহ-আয়োজক শ্ৰীলংকালৈ স্থানান্তৰিত কৰাৰ দাবী জনাইছিল।
বিচিবিয়ে এক আনুষ্ঠানিক বিবৃতিত কয় যে, ভাৰতত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপৰ সময়ত বাংলাদেশৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ সুৰক্ষা আৰু নিৰাপত্তা সন্দৰ্ভত প্ৰকাশ পোৱা উদ্বেগ আৰু দলটোৰ মেচসমূহ স্থানান্তৰিত কৰাৰ অনুৰোধ সন্দৰ্ভত বাংলাদেশ ক্ৰিকেট ব'ৰ্ডে আইচিচিৰ পৰা সঁহাৰি লাভ কৰিছে। ব'ৰ্ডে আৰু কয়, যোগাযোগৰ জৰিয়তে আইচিচিয়ে প্ৰতিযোগিতাখনত বাংলাদেশ দলৰ সম্পূৰ্ণ আৰু নিৰৱচ্ছিন্নভাৱে অংশগ্ৰহণ নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰিছে।
বিচিবিৰ মতে, আইচিচিয়ে উত্থাপিত উদ্বেগসমূহৰ সমাধানৰ বাবে ব'ৰ্ডৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে আৰু আশ্বাস দিছে যে বিচিবিৰ পৰামৰ্শ আৰু ইনপুটক আদৰণি জনোৱা হ'ব আৰু অনুষ্ঠানটোৰ বাবে বিশদ নিৰাপত্তা পৰিকল্পনাৰ অংশ হিচাপে যথাযথভাৱে বিবেচনা কৰা হ'ব।
মন কৰিবলগীয়া যে অহা ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব পুৰুষৰ টি-২০ বিশ্বকাপ আৰু বাংলাদেশ দলটোৱে ভাৰতৰ কলকাতা আৰু মুম্বাইত চাৰিখন খেল খেলাৰ কথা।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া