মালয়েছিয়া অ’পেনঃ পিভি সিন্ধু প্ৰথম ৰাউণ্ডত ছুং শ্বুও ইউনক পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেললৈ অগ্ৰসৰ
কুৱালালামপুৰ, ০৭ জানুৱাৰী (হি.স.)। দীৰ্ঘদিনীয়া আঘাতৰ বাবে বিশ্ৰামৰ পৰা উভতি অহা ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধুৱে মালয়েছিয়া অ’পেন ছুপাৰ ১০০০ প্ৰতিযোগিতাৰ মহিলা একক প্ৰথম ৰাউণ্ডত চীনা টাইপেইৰ ছুং শ্বুও ইউনক পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাই
भारतीय बैडमिंटन खिलाड़ी पीवी सिंधु


কুৱালালামপুৰ, ০৭ জানুৱাৰী (হি.স.)। দীৰ্ঘদিনীয়া আঘাতৰ বাবে বিশ্ৰামৰ পৰা উভতি অহা ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধুৱে মালয়েছিয়া অ’পেন ছুপাৰ ১০০০ প্ৰতিযোগিতাৰ মহিলা একক প্ৰথম ৰাউণ্ডত চীনা টাইপেইৰ ছুং শ্বুও ইউনক পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।

বুধবাৰে ৫১ মিনিটৰ অলপ বেছি সময়ত ছুঙক ২১-১৪, ২২-২০ ব্য়ৱধানত পৰাস্ত কৰে ৩০ বছৰীয়া প্ৰাক্তন বিশ্ব চেম্পিয়নগৰাকীয়ে। যোৱা বছৰৰ অক্টোবৰ মাহত সিন্ধুৱে ভৰিৰ আঘাতৰ পৰা সুস্থ হ’বলৈ বি ডব্লিউ এফ ৱৰ্ল্ড ট্যুৰৰ সকলো প্ৰতিযোগিতাৰ পৰা বিৰতি লৈছিল আৰু এই জয়ক তেওঁৰ সফল প্ৰত্যাৱৰ্তনৰ চিন হিচাপে গণ্য কৰা হৈছে।

এই জয়ৰ জৰিয়তে সিন্ধুৱে ছুঙৰ বিৰুদ্ধে নিজৰ মুখামুখি অভিলেখ ২-০লৈ উন্নত কৰে। বিশ্বৰ ১৮ নম্বৰ স্থানত থকা সিন্ধুৱে এতিয়া প্ৰি-কোৱাৰ্টাৰ ফাইনেলত মুখামুখি হ’ব বিশ্বৰ ৯ নম্বৰ জাপানৰ টমোকা মিয়াজাকি। দক্ষিণ কোৰিয়াৰ বিশ্বৰ দশম নম্বৰ ছিম ইউ জিনে আঘাতৰ বাবে অৱসৰ লোৱাৰ পিছতে মিয়াজাকিয়ে পৰৱৰ্তী ৰাউণ্ডলৈ আগবাঢ়ি যায়। সেই সময়ত মিয়াজাকিয়ে প্ৰথমখন খেলত ২১-১৯ ব্য়ৱধানত জয়লাভ কৰিছিল আৰু দ্বিতীয়খন খেলত ১-২ ব্য়ৱধানত আগবাঢ়ি আছিল।

খেলখনৰ কথা ক’বলৈ গ’লে প্ৰথমখন খেলত সিন্ধুৱে সম্পূৰ্ণৰূপে আধিপত্য বিস্তাৰ কৰিছিল। ৬-২ ব্য়ৱধানত আগতীয়াকৈ অগ্ৰগতি লাভ কৰিছিল আৰু পিছলৈ ঘূৰি নাচালে। সিন্ধুৱে আক্ৰমণাত্মকভাৱে খেলি প্ৰথমখন খেলত সহজেই জয়লাভ কৰে।

অৱশ্যে দ্বিতীয়খন খেল যথেষ্ট ৰোমাঞ্চকৰ আছিল। এটা সময়ত সিন্ধুৱে ৪-১১ ব্য়ৱধানত পিছ পৰি আছিল যদিও তেওঁ শক্তিশালী কামবেক কৰি ১৩-১৩ ব্য়ৱধানত সমতা স্থাপন কৰে। ইয়াৰ পিছতে ছুঙে হেঁচা প্ৰয়োগ কৰি ১৭-১৪ ব্য়ৱধানত অগ্ৰগতি লাভ কৰে যদিও সিন্ধুৱে নিজৰ অভিজ্ঞতা আৰু যুঁজৰ মনোভাৱ প্ৰদৰ্শন কৰি ১৭-১৭ ব্য়ৱধানত সমতা স্থাপন কৰে।

২০-২০ পইন্টত ড্ৰ’ৰ অন্তত সিন্ধুৱে একেৰাহে দুটা পইণ্ট লাভ কৰি মেচখন জয় কৰি পৰৱৰ্তী ৰাউণ্ডলৈ আগবাঢ়ি যায়।

ইফালে মিক্সড ডাবলছ শাখাত ভাৰতৰ ধ্ৰুৱ কপিলা আৰু তনিছা ক্ৰাষ্টোৰ প্ৰথম ৰাউণ্ডত পৰাজয়ৰ সন্মুখীন হয়। বিশ্বৰ ১৭ নম্বৰ স্থানত থকা ভাৰতীয় যুটিটোৱে নিম্ন ৰেংকিঙৰ আমেৰিকাৰ যুটি প্ৰেছলি স্মিথ আৰু জেনী গাইৰ হাতত ১৫-২১, ২১-১৮, ১৫-২১ ব্য়ৱধানত পৰাস্ত হয়। ৫৬ মিনিট ধৰি খেলখন চলিছিল।

সিন্ধুৰ এই জয়ে ভাৰতীয় অনুৰাগীক আশাৰ সঞ্চাৰ কৰিছে যে তেওঁ এই বৃহৎ টুৰ্ণামেণ্টত পুৰণি ফৰ্ম পুনৰ ঘূৰাই পাব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande