
চৰাইদেউ, ০৭ জানুৱাৰী (হি.স.)। সোণাৰি সমষ্টিৰ সাপেখাতি আৰ্দশ চিকিৎসালয়ত ডায়েলাইচিছ কেন্দ্ৰ শুভ উদ্বোধন । অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে উদ্বোধন কৰিলে ডায়েলেছিচ কেন্দ্ৰটো। উদ্বোধনী অনুষ্ঠানত উপস্থিত মন্ত্ৰী যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ অধ্যক্ষ তপন কুমাৰ গগৈৰ লগতে যথেষ্ট সংখ্যক লোক।
এই কেন্দ্ৰ ৰাইজৰ বাবে মুকলি হোৱাৰ পাছত এতিয়া ৰাইজ উপকৃত হ'ব বুলি মন্তব্য মন্ত্ৰী অশোক সিংহলৰ।ভোট কৰ্তন সন্দৰ্ভত অখিল গগৈয়ে কৰা বিস্ফোৰক মন্তব্যৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী অশোক সিংহল আৰু যোগেন মহনে। অখিল গগৈয়ে যি টি কথা কৈ দিয়ে গতিকে গুৰুত্ব দিব নালাগে বুলি মন্তব্য মন্ত্ৰী যোগেন মহনৰ। আনহাতে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত বা কৰ্তন কৰাটো স্বাভাৱিক প্ৰক্ৰিয়া, ইয়াত নতুনত্ব একো নাই। গতিকে তুলুঙা মন্তব্যৰে ৰাইজক বিভ্ৰান্ত কৰিব নালাগে বুলি মন্তব্য অশোক সিংহলৰ। অখিল গগৈয়ে বিৰোধীৰ ভুমিকা লোৱা নাই, সমাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈহে ভুমিকা লৈছে বুলি মন্তব্য অশোক সিংহলৰ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা