

গুৱাহাটী, ০৭ জানুৱাৰী (হি.স.)। সোণাপুৰৰ আমচং চাহ বাগিচাত উদ্ধাৰ হৈছে এটা অচিনাক্ত মৃতদেহ।
চাহ বাগিচাৰ এটি পুখুৰী সদৃশ পানীৰ ডেম্পত উদ্ধাৰ হৈছে মৃতদেহটো। মৃতদেহটো এগৰাকী পুৰুষৰ। ইফালে ব্যক্তিগত কোম্পানীৰ নিৰাপত্তাৰক্ষীৰ পোচাক পৰিহিত অচিনাক্ত লোকজনৰ আনুমানিক বয়স ৪০-৪৫ বছৰ হ'ব বুলি অনুমান কৰা হৈছে।
স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি লগে লগে আৰক্ষীক খবৰ দিয়ে। ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত সোণাপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু চিনাক্তকৰণৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / Narayan Kar