ৰহাত অচিনাক্ত মৃতদেহ উদ্ধাৰ
নগাঁও, ০৭ জানুৱাৰী (হি.স.)। ৰহাত উদ্ধাৰ অচিনাক্ত মৃতদেহ। ৰহাৰ নামগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত পৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো। মৃত লোকজনৰ শৰিৰত কেইবাটাও দাগ দেখিবলৈ পোৱাত এইয়া এক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ ৰহা আৰক্ষীৰ। কোনো দুৰ্বৃত্তই মৰিয়া
ৰহাত অচিনাক্ত মৃতদেহ উদ্ধাৰ


নগাঁও, ০৭ জানুৱাৰী (হি.স.)। ৰহাত উদ্ধাৰ অচিনাক্ত মৃতদেহ। ৰহাৰ নামগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত পৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো।

মৃত লোকজনৰ শৰিৰত কেইবাটাও দাগ দেখিবলৈ পোৱাত এইয়া এক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ ৰহা আৰক্ষীৰ।

কোনো দুৰ্বৃত্তই মৰিয়াই মৰিয়াই হত্যা কৰাৰ সন্দেহ ৰহা আৰক্ষীৰ। ইতিমধ্যে ৰহা আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি আৰম্ভ কৰিছে তদন্ত।

মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ৰহা আৰক্ষীয়ে। বৰ্তমানলৈ জানিব পৰা নাই মৃতকৰ পৰিচয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande