
দৰং, ০৭ জানুৱাৰী (হি.স.)। দৰং জিলাৰ নতুন জিলা আয়ুক্ত হিচাপে বুধবাৰে দায়িত্ব গ্ৰহণ কৰে পূবালী গোহাঁই, এ চি এছ (ডি আৰ: ৯৩)। জিলা সদৰত বিদায়ী জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতী, এ চি এছ (ডি আৰ: ৯৯)ৰ পৰা তেওঁ আনুষ্ঠানিকভাৱে দায়িত্ব লয়।
বৰ্তমানৰ নিযুক্তিৰ পূৰ্বে পূবালী গোহাঁইয়ে অসম চৰকাৰ, গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল লগতে কাৰাগাৰ মহাপৰিদৰ্শক, অসমৰ অতিৰিক্ত দায়িত্বও পালন কৰিছিল।
বিদায়ী জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতী, এ চি এছ (ডি আৰ: ৯৯)ক বদলি কৰি গোলাঘাট জিলাৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী