
শোণিতপুৰ, ০৭ জানুৱাৰী (হি.স.)। জামুগুৰিহাটত শংকৰ সংঘৰ ৰাজ্যিক অধিবেশনৰ প্ৰস্তুতি পূৰ্ণ গতিত।
নিৰ্মান কৰা হৈছে ১০০ফুট দৈৰ্ঘ্যৰ এটি বৃহৎ অস্থায়ী নামঘৰ।
জামুগুৰিহাটৰ ধলাইবিলত অহা ৬,৭আৰু ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিবেশন। ইতিমধ্যেই প্ৰস্তুতি তুংগত উঠিছে জ্যোতি,বিষ্ণু সমন্বয় ক্ষেত্ৰত। অধিবেশন উপলক্ষ্যে জ্যোতি,বিষ্ণু সমন্বয় ক্ষেত্ৰত নিৰ্মান কৰা হৈছে ১০০ফুট দীঘল আৰু ৪০ফুট বহল এটি বৃহৎ অস্থায়ী নামঘৰ। সম্পূৰ্ণ প্ৰাকৃতিক উপাদানৰে নিৰ্মান কৰা হৈছে এই নামঘৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱকৰ দ্বাৰা নিৰ্মান হৈছে এই অস্থায়ী নামঘৰ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু