
শিৱসাগৰ, ০৭ জানুৱাৰী (হি.স.)।শিৱসাগৰ জিলাৰ ডিমৌৰ ডিৰৈ অঞ্চলত মঙলবাৰে নিশা আৰক্ষীৰ গুলীত এজন আক্ৰমণকাৰী নিহত হয়। নিহত ৰঞ্জিত পাণ্ডৱ নামৰ যুৱকজনে মদ্যপান কৰি চুবুৰীয়াক চোকা অস্ত্ৰ (দা)ৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, অঞ্চলটোত ৰঞ্জিত পাণ্ডৱে তাণ্ডব চলায়। এই ঘটনাত এহাল স্বামী-স্ত্ৰী গুৰুতৰভাৱে আহত হয়। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্তক বশ কৰি নিৰস্ত্ৰ কৰাৰ চেষ্টা কৰে।
পৰিস্থিতি তীব্ৰতৰ হোৱাত আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে গুলীচালনা কৰে, যাৰ ফলত আক্ৰমণকাৰীৰ থিতাতে নিহত হয়। আহত দম্পতীহালক ততাতৈয়াকৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, য’ত তেওঁলোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰু গোচৰটোৰ সৈতে জড়িত অধিক সবিশেষ জানিবলৈ লৈছে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী