ধুবুৰীত মদৰ দোকানৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ উত্তাল প্ৰতিবাদ
ধুবুৰীত মদৰ দোকানৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ উত্তাল প্ৰতিবাদ ।
ধুবুৰীত মদৰ দোকানৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ উত্তাল প্ৰতিবাদ


ধুবুৰী, ০৭ জানুৱাৰী (হি.স.): ধুবুৰীত যোৱা কালি মঙলবাৰে বিয়লি মদৰ দোকানৰ বিৰুদ্ধে স্থানীয় ৰাইজে উত্তাল প্ৰতিবাদ সাব্য়স্ত কৰে।শ-শ পুৰুষ মহিলাই আহি দোকান বন্ধ কৰাৰ দ্বাবীত এক উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰাৰ লগতে দোকান বন্ধ কৰি দিয়ে। লাগিলে আমি জেলত যাম তথাপিও ইয়াত মদৰ দোকান হ'ব নিদিম বুলি হুংকাৰ দিয়ে মহিলাসকলেয়ে ।

ধুবুৰীৰ ঝগৰাপাৰ গাওঁ পঞ্চায়তৰ খলিলপুৰত এটি নতুনকৈ মদৰ দোকান মুকলি কৰাক লৈ অঞ্চলটোৰ পুৰুষ-মহিলা একত্ৰিত হৈ খলিলপুৰত মদৰ দোকান দিয়া নচলিব, মদৰ বন্ধ কৰক আদি বিভিন্ন শ্লোগানেৰে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি দোকানটো বন্ধ কৰি দিয়ে।

স্থানীয় ৰাইজৰ অভিযোগ মতে, খলিলপুৰ অঞ্চলখন এখন জনবসতি অঞ্চল। ইয়াৰ গাতে লাগি আছে কেইবাটাও স্কুল, কলেজ, মঠ - মন্দিৰ আৰু ব্যক্তিগত চিকিৎসা কেন্দ্ৰ। ওচৰতে আছে ধুবুৰী মেডিকেল কলেজ আৰু হাস্পতাল। ইয়াৰ উপৰিও একেবাৰে কাষতে আছে ধুবুৰীৰ ঝগৰাপাৰ ষ্টেডিয়াম। এনে এখন ঠাইত মদৰ দোকানৰ অনুমতি দিয়াটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয় আৰু ইয়াক আমি মানি নলওঁ । স্থানীয় ৰাইজৰ বাধাক আওকাণ কৰি যদি শম্ভূ বৰ্মন নামৰ ব্য়ৱসায়ী জনে ইয়াত দোকান আৰম্ভ কৰে তেন্তে ইয়াত এক উত্তপ্ত পৰিবেশৰ সৃষ্টি হ'ব বুলিও সকীয়াই দিয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande