দেৰগাঁও সমষ্টিৰ এটা বিধস্ত পথে জলাকলা খুৱাইছে ৰাইজক
গোলাঘাট, ০৭ জানুৱাৰী (হি.স.)। দেৰগাঁও সমষ্টিৰ এটা বিধস্ত পথে জলাকলা খুৱাইছে ৰাইজক । হাতিয়েখোৱা তিনিআলিৰ পৰা নাহৰণি চাৰিআলি সংযোগী গুৰুত্বপূৰ্ণ পথচোৱাৰ বিধস্ত ৰূপ। কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই ২৫ চনৰ মাৰ্চ মাহতেই আধাৰশিলা উদ্বোধন কৰি
দেৰগাঁও সমষ্টিৰ এটা বিধস্ত পথে জলাকলা খুৱাইছে ৰাইজক


গোলাঘাট, ০৭ জানুৱাৰী (হি.স.)। দেৰগাঁও সমষ্টিৰ এটা বিধস্ত পথে জলাকলা খুৱাইছে ৰাইজক । হাতিয়েখোৱা তিনিআলিৰ পৰা নাহৰণি চাৰিআলি সংযোগী গুৰুত্বপূৰ্ণ পথচোৱাৰ বিধস্ত ৰূপ। কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই ২৫ চনৰ মাৰ্চ মাহতেই আধাৰশিলা উদ্বোধন কৰিছিল পথচোৱাৰ ।

উপস্থিত আছিল দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীয়ো । সাংসদ তথা বিধায়কে আধাৰশিলা উদ্বোধন কৰিলে থিকেই কিন্তু,আজি পৰ্যন্ত নিৰ্মাণ কৰা নহ'ল এই গুৰুত্বপূৰ্ণ পথচোৱা। সাংসদ তথা বিধায়কৰ এনে মিথ্যাচাৰত এতিয়া ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ । চৰকাৰক ২৬' ৰ নিৰ্বাচনৰ আগতেই পথচোৱাৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ দাবী ৰাইজৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande