
যোৰহাট, ০৭ জানুৱাৰী (হি.স.)। চলচ্চিত্ৰ প্ৰেমী সকলৰ বাবে এক সুখবৰ l আহি আছে বিহু এটেক নামৰ এখন বিগ বাজেটৰ চলচ্চিত্ৰ l সমগ্ৰ ভাৰতবৰ্ষতে ১৬ জানুৱাৰীত শুভ মুক্তি লাভ কৰিব এই চিনেমাখন l
সমগ্ৰ ভাৰত বৰ্ষত অহা ১৬ জানুৱাৰীত মুক্তি লাভ কৰিব এখন ব্যয়বহুল চলচিত্ৰ বিহু এটেক। বলিউদৰ কেইবাগৰাকী জনপ্ৰিয় অভিনেতাৰ লগতে অসমৰ অভিনেতা অভিনেত্ৰী সকলে অভিনয় কৰা এই চলচিত্ৰ খন চাবলৈ ব্যাকুল হৈ পৰিছে চলচিত্ৰ প্ৰেমী ৰাইজ।
অসমৰ জাতীয় উৎসৱ বিহুৰ আধাৰত নিৰ্মাণ কৰা এই হিন্দী ছবিখন অসমৰ বিভিন্ন লোকেশ্যনত শ্বুটিং ইতিমধ্যে সমাপ্ত হৈ পৰিছে। উল্লেখ যে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গে এটা গানত কণ্ঠ দান কৰিছে এই বিহু এটেক নামৰ বলিউডৰ হিন্দী চিনেমা খনত।
অসমৰ পটভমিত নিৰ্মিত এই ছবিখনৰ প্ৰযোজক প্ৰবীৰ কান্ত শ্বাহা আৰু মুখ্য অভিনেতা দেৱ মেনাৰিয়া ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু