আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোক চিত্ৰ শিল্পী নলিনী বৰুৱাৰ দেহাৱসান
শোণিতপুৰ, ০৭ জানুৱাৰী (হি.স.)। তেজপুৰৰ সমাজ জীৱনৰ অগ্ৰনী ব্যক্তিত্ব ,বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰাপক আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোক চিত্ৰ শিল্পী নলিনী বৰুৱাৰ দেহাৱসান৷ হাতৰ কেমেৰাটোৰে বিশ্ব বন্দিত হোৱা পুৰোধা শিল্পীৰ পৰলোকপ্ৰাপ্তিত ম্ৰিয়মান তেজ
আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোক চিত্ৰ শিল্পী নলিনী বৰুৱাৰ দেহাৱসান


শোণিতপুৰ, ০৭ জানুৱাৰী (হি.স.)। তেজপুৰৰ সমাজ জীৱনৰ অগ্ৰনী ব্যক্তিত্ব ,বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰাপক আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোক চিত্ৰ শিল্পী নলিনী বৰুৱাৰ দেহাৱসান৷ হাতৰ কেমেৰাটোৰে বিশ্ব বন্দিত হোৱা পুৰোধা শিল্পীৰ পৰলোকপ্ৰাপ্তিত ম্ৰিয়মান তেজপুৰৰ বিভিন্ন অনুষ্ঠান ব্যক্তি৷

প্ৰকৃতিৰ বুকুত কেমেৰাৰ লেন্সেৰে সৃষ্টিশীলতাৰ সন্ধান কৰি সেই সৃষ্টিক শিল্পলৈ পৰিণত কৰা তেজপুৰৰ সমাজ জীৱনৰ আটাইতকৈ বৰ্ষীয়ান দুৰন্ত তৰুণ ,আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোক চিত্ৰ শিল্পী নলিনী বৰুৱা আৰু নাই৷ অসম চৰকাৰৰ বিষ্ণু ৰাভা বঁটা প্ৰাপক প্ৰসিদ্ধ আলোকচিত্ৰ শিল্পী গৰাকী প্ৰায় এসপ্তাহ পূৰ্বে শ্বাস প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱাৰ পিছত কিছু আৰোগ্য হৈছিল যদিও যোৱা নিশা প্ৰায় ৮ -৩০ বজাত তেজপুৰৰ বাৰহলীয়াৰ নিজ বাসগৃহতে ৯৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰাত শোকাচ্ছন্ন হৈ পৰিছে সমগ্ৰ তেজপুৰ ।

উল্লেখ্য যে ১৯৩১ চনৰ ২২ এপ্ৰিলত জন্ম গ্ৰহণ কৰা আজন্ম সংগ্ৰামী আলোকচিত্ৰ শিল্পী গৰাকীয়ে এক বৰ্ণাঢ্য জীৱন পৰিক্ৰমাত তেজপুৰৰ পৰা আলোকচিত্ৰ শিল্পৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে ৰাজ্য ,দেশ অতিক্ৰমী সমগ্ৰ বিশ্বতে বন্দিত হৈ পৰিছিল । তেজপুৰৰ সকলো সামাজিক - সংস্কৃতিক অনুষ্ঠানৰে মধ্যমণি অশীতিপৰ সেই শিল্পী গৰাকীৰ আলোকচিত্ৰ আমেৰিকাৰ ফটোগ্ৰাফী জাৰ্ণেলত প্ৰকাশ পোৱা অসমৰ একমাত্ৰ আলোকচিত্ৰ শিল্পী আছিল ।ফটোগ্ৰাফীৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতি লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে ইটালিত প্ৰদৰ্শিত হোৱা তেওৰ কেমেৰাত আৱদ্ধ সেই বিশেষ ফটোয়ে এক বিশেষ মৰ্যদা দিছিল ৷ অসম চৰকাৰৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰাপক শিল্পী গৰাকীয়ে আজিৰ দিনটোৰ পৰা এমাহৰ আগলৈকে হাতত কেমেৰা লৈ দূৰন্ত তৰুণৰ দৰে এখন শ্ৰেষ্ঠ ফটোৰ সন্ধানত সৃষ্টিৰ তাড়নাত ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছিল ।

৭ বছৰ বয়সতে হাতত পিতৃয়ে কেমেৰা তুলি দিছিল নলিনী বৰুৱাক ৷ তাৰ পিছৰে পৰাই এখন উৎকৃষ্ট ফটোৰ সনধানত কেৱল অসম বা ভাৰততেই নহয় বিশ্বৰ বিভিন্ন ৰাস্ট্ৰত সন্ধান কৰিছিল বিশেষ জীৱনৰ উৎকৃস্ট ফটোখনৰ মৃত্যুৰ আগমুহূৰ্ত্তলৈকে৷ ৯০ বছৰ অতিক্ৰম কৰাৰ পিছতো নিজে চাৰিচকীয়া গাড়ী চলাই নিজৰ আলোকচিত্ৰৰ ব্যৱসায়ীক প্ৰতিষ্ঠানলৈ অহা যোৱা কৰি থকা অতি পৰিশীলিত জীৱনবোধৰ শিল্পী গৰাকী তেজপুৰৰ সমাজ জীৱনৰ সৰ্বজন শ্ৰদ্ধেয় অগ্ৰনী ব্যক্তিত্ব আছিল।কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, কথাশিল্পী হোমেন বৰগোহাঞিৰ পৰা ৰাজ্য আৰু দেশৰ বিশিষ্ট ব্যক্তিৰ সান্নিধ্য লাভ কৰা আৰু সেইসকল পুৰোধাই উচ্চাসিত প্ৰশংসা কৰি যোৱা নলিনী বৰুৱাৰ বহু আলোকচিত্ৰ ৰাজ্যখনৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আলোকচিত্ৰ প্ৰদৰ্শনী সমূহত প্ৰদৰ্শীত হোৱাৰ পিছত দেশ -বিদেশৰ কলাৰসিকৰ দ্বাৰা উচ্চাসিত প্ৰশংসিত হৈছিল ।

বিশেষকৈ দ্য চিম্বল ,মেজেষ্টিক ,ফ্লাই এণ্ড ফ্লাই ,ন ৱৰ্ড ,দ্য কম্পেনিয়ন ,ট্ৰাষ্ট ,কালচাৰ ,নেকেড টাচ ,চাইট ,পেং অব বাৰ্থ ,ডেথ এণ্ড বাৰ্থ ,কেট ট্ৰাইঅ ,ইউনিভাৰচেল ,স্প্ৰিং কালাৰ ,ওৱৰি ,মিছিং বিহু ডেন্স,হেপিনেছ ,এন আছামিজ গাৰ্ল ,লাইফ টুগেদাৰ ,ষ্ট্ৰাগল ,মাই লাইফ ,দ্য চেইন ,মাডাৰছ লাভ ,ৱান্ট ,টুগেদাৰনেছ ,প্লে টাইমকে ধৰি বুজন সংখ্যক ন্যুড ফটোগ্ৰাফীৰে অভিলেখ গঢ়ি থৈ যোৱা অসমীয়া জাতীয় জীৱনৰ প্ৰাত:স্মৰণীয় পুৰোধা গৰাকীৰ দেহাৱসানৰ পিছতেই তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাৰ সৈতে যোগাযোগ কৰি কাইলৈ ৰাজ্যিক মৰ্যাদাৰে শেষ কৃত্য সম্পন্ন কৰাৰ ব্যৱস্থা কৰিবলৈ তৎপৰতা গ্ৰহণ কৰে ।

আনহাতে তেজপুৰ সাহিত্য সভা ,তেজপুৰ ফটোগ্ৰাফী ক্লাবৰ উপদেষ্টা ,তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ লগতে তেজপুৰৰ প্ৰায় সকলো সামাজিক -সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত থকা বৰেণ্য শিল্পী গৰাকীৰ৷ আজি শিল্পী গৰাকীক ৰাজ্যিক মৰ্যদাৰে শেষ বিদায় জনোৱা হয়৷ শিল্পী জনৰ নশ্বৰ দেহ তেজপুৰ নেহৰু ময়দানত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখা হয়৷ তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, বিজেপিৰ মুখপাত্ৰ ৰিতুবৰণ শৰ্মাৰ লগতে বান থিয়েটাৰ, সাহিত্য সভা ৰ উপৰিও তেজপুৰৰ বহু অনুষ্ঠানে শেষ শ্ৰদ্ধা জনাই৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande