
নলবাৰী, ০৭ জানুৱাৰী (হি.স.)। নলবাৰীত ৰাইজৰ পদুলিত ৰাইজৰ কংগ্ৰেছ কাৰ্যসূচী লৈ কংগ্ৰেছৰ নেতা কৰ্মীয়ে কাষ চাপিল সাধাৰণ জনতাৰ। নলবাৰীৰ ব্যৱসায়ীৰ লগতে আজি দল সংগঠনৰ মতামত তথা পৰামৰ্শ গ্ৰহণ কৰিলে কংগ্ৰেছে।
এইবাৰ কংগ্ৰেছে ৰাইজৰ মতামতৰ ওপৰত ভিত্তি কৰি প্ৰস্তত কৰিব নিৰ্বাচনী ইস্তাহাৰ।নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তত কৰাৰ বাবেই এইদৰে পদূলিয়ে পদূলিয়ে ঘুৰিছে কংগ্ৰেছৰ নেতা। আজি নলবাৰীত এইদৰে ৰাইজৰ পৰামৰ্শ লৱলৈ উপস্থিত হল বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ পৃথিৱী মাঝি,বিধায়িকা নন্দিতা দাস প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ লগতে জিলা কংগ্ৰেছৰ ৰাতুল পাটোৱাৰীৰ নেতৃত্বত কংগ্ৰেছৰ সঁজাতি দল।ইপিনে এইদৰে মত প্ৰকাশ কৰিলে সাধাৰণ ব্যৱসায়ীয়ে ।মুল্যবৃদ্ধিয়ে জুৰুলা কৰা নলবাৰীৰ ক্ষুদ্ৰ ব্যৱসায়ীয়ে কলে বৰ্তমানৰ চৰকাৰে এফালে দি আনফালেৰে বেলচা মাৰি নিচে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা