
তিনিচুকীয়া, ০৭ জানুৱাৰী (হি.স.)। মাৰ্ঘেৰিটাত নিষিদ্ধ ফিটা কানি সহ ৫ জনক আটক। মাৰ্ঘেৰিটাত নিষিদ্ধ ফিটা কানি সহ ৫ জনক আটক। আটকাধীন লোককেইজনৰ জিম্মাৰ পৰা বৃহৎ পৰিমাণৰ নিষিদ্ধ ফিটা কানি জব্দ কৰে আৰক্ষীয়ে। মাৰ্ঘেৰিটাৰ চাহ বাগিছাৰ কলঘৰৰ সমিপত আৰক্ষীয়ে এখন বাহনৰ পৰা নিষিদ্ধ কানিসহ আটক লোককেইজনক।
আটকাধীন ৫ ব্যক্তি ক্ৰমে-চেমকাং হাখুন, চালক আচং আও, চিমচা হাখুন (মহিলা ) আৰু ডব্লিউ হাখুন তথা চংজ্ঞা হাখুন। ইয়াৰে ডব্লিউ হাখুন তথা চংজ্ঞা হাখুন সন্দেহজনক ম্যানমাৰৰ নাগৰিক বুলি জানিব পৰা গৈছে। আটকাধীন লোককেইগৰাকীৰ জিম্মাৰ পৰা ২ কিলো ৭৫২ গ্ৰাম নিষিদ্ধ ফিটা কানি জব্দ কৰা হৈছে।
এক গোপন সূত্ৰ পমখেদি আৰক্ষীয়ে দেওমালি পৰা মাৰ্ঘেৰিটা অভিমূখী এ এছ ২৩ এ এইছ ৭৪৫৫ নম্বৰৰ বলেৰ'ৰ বাহনখনত চলোৱা তালাচীত নিষিদ্ধ কানিসহ আটক হয় লোককেইজন। সন্দেহজনক বহিঃৰাষ্ট্ৰ ম্যানমাৰৰ যুৱকদ্বয় কি উদ্দেশ্যে মাৰ্ঘেৰিটালৈ আহিছিল বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।
মাৰ্ঘেৰিটাৰ আৰক্ষীয়ে ৫ জনকে নিজৰ জিম্মাত লৈ বৰ্তমানেও তদন্ত অব্যাহত ৰাখিছে। অভিযানকাৰী আৰক্ষীৰ দলটোৰ নেতৃত্বত আছিল ডিএচপি ফায়েজ আহমেদ আৰু মাৰ্ঘেৰিটা আৰক্ষী থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিলোৎপল দলে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা