ডিমৰীয়া মহাবিদ্যালয়ত ৰাজ্যিক দূৰ্যোগ ব্যৱস্থাপনাৰ বিশেষ অনুশীলন কাৰ্যসূচীৰ সামৰণি
গুৱাহাটী, ০৭ জানুৱাৰী (হি.স.)। ক্ষেত্ৰীৰ ডিমৰীয়া মহাবিদ্যালয়ৰ কাষতে থকা এটা পাহাৰিয়া টিলাত ভুমিস্খলন। হঠাৎতে পাহাৰৰ পৰা নামি অহা গছ গছনি মাটিত পোত খাই কেইবাজনো লোক। উক্ত দুৰ্ঘটনাটো সময়ত অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে । ইতিমধ্যে ঘটনাস্থ
ডিমৰীয়া মহাবিদ্যালয়ত ৰাজ্যিক দূৰ্যোগ ব্যৱস্থাপনাৰ বিশেষ অনুশীলন কাৰ্যসূচীৰ সামৰণি


ডিমৰীয়া মহাবিদ্যালয়ত ৰাজ্যিক দূৰ্যোগ ব্যৱস্থাপনাৰ বিশেষ অনুশীলন কাৰ্যসূচীৰ সামৰণি


গুৱাহাটী, ০৭ জানুৱাৰী (হি.স.)। ক্ষেত্ৰীৰ ডিমৰীয়া মহাবিদ্যালয়ৰ কাষতে থকা এটা পাহাৰিয়া টিলাত ভুমিস্খলন। হঠাৎতে পাহাৰৰ পৰা নামি অহা গছ গছনি মাটিত পোত খাই কেইবাজনো লোক।

উক্ত দুৰ্ঘটনাটো সময়ত অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে । ইতিমধ্যে ঘটনাস্থলীত জৰুৰীকালীন বিভাগৰ সকলো বিষয়া কৰ্মচাৰীৰ উপস্থিতিত আহত লোক সকলক চিকিৎসা প্ৰদান কৰাৰ লগতে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোক সকলক চিকিৎসাৰ বাবে উন্নত চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

উল্লেখযোগ্য যে এই ঘটনা এটা সজাগতা সৃষ্টিৰ উদ্দেশ্যে হে অনুশীলন কৰা হৈছে । যোৱা ৫ জানুৱাৰীৰ পৰা চলি থকা এই অনুশীলনৰ আজি সামৰণি পৰে মকড্ৰিলৰ জড়িয়তে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ উদ্যোগত আৰু জিলা দূৰ্যোগ ব্যৱস্হাপনাৰ আৰু সোণাপুৰ ৰাজহ চক্ৰৰ দুৰ্যোগ ব্যৱস্থাপনাৰ সহযোগত অনুষ্ঠিত হোৱা এই অনুশীলনত ইতিমধ্যে সকলো বিভাগৰ বিশষা কৰ্মচাৰি সকলক লৈ ভূমিস্খলনৰ সময়ত কি দৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি সহায় আগবঢ়াব পাৰে তথা নিজৰ লগতে আনকো সুৰক্ষিত কৰি জিৱন বচাবলৈ পাৰে তাৰে এটা অনুশীলনৰ ব্যৱস্থা গ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande