
বঙাইগাঁও, ০৭ জানুৱাৰী (হি.স.)। বঙাইগাঁও জিলাত অনুষ্ঠিত হৈছে কোচ-ৰাজবংশী ছাত্র সন্থাৰ ২৫ সংখ্যক শ্বহীদ দিৱস। আজি বঙাইগাঁও জিলাৰ সিদলসতীত অনুষ্ঠিত হৈ আছে কোচ-ৰাজবংশী ছাত্র সন্থাৰ ২৫ সংখ্যক শ্বহীদ দিৱস।
আজিৰ অনুষ্ঠানত উপস্থিত থাকি আক্ৰাছুৰ সাধাৰণ সম্পাদক বলোৰাম বৰ্মনে সমাগত ২৬ ৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বে যদি কোচ-ৰাজবংশী সকলৰ জনজাতি কৰন নহয় লগতে পৃথক কমতাপুৰ সন্দৰ্ভত ভাৰত চৰকাৰৰ লগত আলোচনা নহয় তেন্তে এইখন চৰকাৰে মুখ ঠেকেচা খাবলৈ বাধ্য হব বুলি সকীয়াই দিয়ে। যদি ২৬ৰ নিৰ্বাচনৰ পূৰ্বে জনগোষ্ঠীটোক সাংবিধানিক অধিকাৰ নিদিয়ে তেন্তে পৰিস্থিতি ভয়ংকৰ হব বুলি ৰাজ্যৰ প্ৰশাসনক সকীয়াই দিয়ে বলোৰাম বৰ্মনে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু