কাৰ্বি সংহাৰী আমাই তথা কাৰ্বি সংহাৰী সভা আয়োজনক লৈ ব্যাপক প্ৰস্তুতি চলিছে পশ্চিম কাৰ্বি আংলঙৰ চেংবঙত
কাৰ্বি আংলং, ০৭ জানুৱাৰী (হি.স.)। কাৰ্বি সংহাৰী আমাই তথা কাৰ্বি সংহাৰী সভা আয়োজনক লৈ ব্যাপক প্ৰস্তুতি চলিছে পশ্চিম কাৰ্বি আংলঙৰ চেংবঙত। দিনজোৰা কাৰ্যসূচীৰে কাইলৈ অনুষ্ঠিত হব এই সভা। সভাত অংশ লব প্ৰায় ১ লাখ লোক। সাম্প্ৰতিক সময়ত এক উখল মাখল আৰু উদু
কাৰ্বি সংহাৰী আমাই তথা কাৰ্বি সংহাৰী সভা আয়োজনক লৈ ব্যাপক প্ৰস্তুতি চলিছে পশ্চিম কাৰ্বি আংলঙৰ চেংবঙত


কাৰ্বি আংলং, ০৭ জানুৱাৰী (হি.স.)। কাৰ্বি সংহাৰী আমাই তথা কাৰ্বি সংহাৰী সভা আয়োজনক লৈ ব্যাপক প্ৰস্তুতি চলিছে পশ্চিম কাৰ্বি আংলঙৰ চেংবঙত। দিনজোৰা কাৰ্যসূচীৰে কাইলৈ অনুষ্ঠিত হব এই সভা। সভাত অংশ লব প্ৰায় ১ লাখ লোক।

সাম্প্ৰতিক সময়ত এক উখল মাখল আৰু উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে এতিয়া অঞ্চলটোত। উল্লেখ্য যে কাৰ্বি সংহাৰী সভা হৈছে কাৰ্বি জনগোষ্ঠীৰ ধৰ্ম, সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণৰ এক গুৰুত্বপূৰ্ণ মঞ্চ। য'ত নেকি তেওঁলোকৰ পৰম্পৰা, লোক-সংস্কৃতি, গীত-বাদ্য আদি উদযাপন কৰাৰ লগতে কাৰ্বি ধৰ্মৰ দেৱ-দেৱীসকলৰ পূজা আৰু তেওঁলোকৰ ইতিহাসৰ বিভিন্ন দিশ আলোচনা কৰা হযব।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande