
সাপেখাটী আদৰ্শ চিকিৎসালয়ত ডায়েলাইচিছ কেন্দ্ৰৰ শুভাৰম্ভণি আৰু বাউলী পুখুৰী আদৰ্শ চিকিৎসালয়ৰ নৱ- নিৰ্মিত ভৱনৰ শুভ উদ্বোধন
চৰাইদেউ, ০৭ জানুৱাৰী (হি.স.)। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি চৰাইদেউ জিলা ভ্ৰমণ কৰে। মন্ত্ৰী গৰাকীয়ে পুৱা চৰাইদেউ জিলাৰ সাপেখাটী আদৰ্শ চিকিৎসালয়ত ৩ খন বিচনাৰ ডায়েলাইছিচ কেন্দ্রৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰি ৰাইজৰ বাবে উৎসর্গা কৰে ।
প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইচিছ আচঁনিৰ অধীনত আজি শুভ উদ্বোধন কৰা এই ডায়েলাইছিছ কেন্দ্ৰৰ জৰিয়তে প্রতি দিনে তিনিটা পর্যায়ত ৰোগীয়ে ডায়েলাইচিছ সেৱা লাভ কৰিব পাৰিব। চৰাইদেউ জিলাৰ গ্ৰাম্যাঞ্চলৰ জনসাধাৰণৰ বাবে স্বাস্থ্য সেৱাসমূহ অধিক ক্ষীপ্ৰতাৰে প্ৰসাৰ ঘটোৱাৰ লগতে কিডনী ৰোগী সকলে যাতে সহজে আৰু বিনামূলীয়াকৈ ডায়েলাইছিছ সেৱা লাভ কৰিব পাৰে।
এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা সভাত অংশগ্ৰহণ কৰি স্বাস্থ্য় মন্ত্ৰী জনে কয় যে এই চিকিৎসালয় খনে সাপেখাটীকে ধৰি ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ প্ৰায় ২লাখ জনসাধাৰণক প্ৰদানেৰে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। কিডনী ৰোগী সকলৰ সৈতে জড়িত যি ডায়েলাইছিচ সেৱা আজি আমি শুভাৰম্ভ কৰিলো, এই সেৱাই অঞ্চলবাসীক বিপুলভাৱে উপকৃত কৰি স্বাস্থ্যখণ্ডক নতুন মাত্ৰা প্ৰদান কৰিব।
ইয়াৰ পিছতে স্বাস্থ্য় মন্ত্ৰী অশোক সিংহলে বাউলী পুখুৰী আদৰ্শ চিকিৎসালয়ৰ নৱ-নিৰ্মিত ভৱনৰ শুভ উদ্বোধন কৰে । প্ৰায় ছয় কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা বাউলী পুখুৰী আদৰ্শ চিকিৎসালয়ৰ নৱনিৰ্মিত ভৱনত ২ টা এল ডি আৰ ৰুম, পর্যবেক্ষণ কক্ষ, শিশু যতন কেন্দ্র, অস্ত্রোপচাৰ কক্ষ, শিশুক দুগ্ধপান কক্ষ, পৰীক্ষাগাৰ, আল্ট্রাছাউণ্ড কক্ষ, ৩ টা অ' পি ডি ৰুম, জৰুৰীকালীন ৱার্ড, নাৰ্ছৰ বাবে কক্ষ, এক্স-ৰে কক্ষ, ষ্ট'ৰ ৰুমকে ধৰি সকলো ধৰণৰ সুবিধা উপলব্ধ থাকিব।
আজিৰ এই দুয়োটা অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত যোগেন মহন, সোণাৰি বিধান সভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলাৰ আয়ুক্ত ডাঃ নেহা যাদৱ, অসম ঔদ্যোগিক উন্নয়ন বিভাগৰ অধ্যক্ষ তপন কুমাৰ গগৈ, এ পি জি এলৰ সঞ্চালক অনুপ সিং ৰাজপুৰোহিত, চৰাইদেউ জিলাৰ বিজেপিৰ সভানেত্ৰী নিতুমণি প্ৰধান, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, স্বাস্থ্য সেৱা সঞ্চালক ডাঃ জ্যোতিৰ্ময় শৰ্মাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
উল্লেখযোগ্য যে, অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে বিয়লি ভাগত বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম পৰিভ্ৰমণ কৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী