স্বাৱলম্বীতাৰ এক উৎকৃষ্ট নিদৰ্ষণ দাঙি ধৰিছে ৰঙিয়াৰ এজন যুৱকে
কামৰূপ, ০৭ জানুৱাৰী (হি.স.)। স্বাৱলম্বীতাৰ এক উৎকৃষ্ট নিদৰ্ষণ দাঙি ধৰিছে ৰঙিয়াৰ এজন যুৱকে।নিজৰ লগতে আন চাৰিজনক সংস্থাপনৰ বাট দেখুৱা যুৱক জন এতিয়া ৰঙিয়াৰ এজন সফল ব্যৱসায়ী। বহুকেইটা ব্যাক্তিগত প্ৰতিষ্ঠানৰ চাকৰি বাদ দি বৰ্তমান তেওঁ ৰঙিয়া ভূটান আন্ত
স্বাৱলম্বীতাৰ এক উৎকৃষ্ট নিদৰ্ষণ দাঙি ধৰিছে ৰঙিয়াৰ এজন যুৱকে


কামৰূপ, ০৭ জানুৱাৰী (হি.স.)। স্বাৱলম্বীতাৰ এক উৎকৃষ্ট নিদৰ্ষণ দাঙি ধৰিছে ৰঙিয়াৰ এজন যুৱকে।নিজৰ লগতে আন চাৰিজনক সংস্থাপনৰ বাট দেখুৱা যুৱক জন এতিয়া ৰঙিয়াৰ এজন সফল ব্যৱসায়ী।

বহুকেইটা ব্যাক্তিগত প্ৰতিষ্ঠানৰ চাকৰি বাদ দি বৰ্তমান তেওঁ ৰঙিয়া ভূটান আন্তৰাষ্ট্ৰীয় ঘাইপথৰ নিউমাৰ্কেটত অৱস্থিত ধনমনি নামেৰে এটি তেল তথা মচলাৰ মিল খুলি গ্ৰাহক সকলক যোগান ধৰি আহিছে জীৱকুলৰ বাবে উপযোগী ১০০% নিভাজ খটি সৰিয়হ তেলৰ লগতে বিভিন্ন মচলাজাতীয় সামগ্ৰী যাৰ বাবে ৰঙিয়া বাসীৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে যুৱক জনে।যি টো সময়ত চৰকাৰী চাকৰি বিচাৰি একাংশই বিভিন্ন সময়ত বিভিন্ন ঘাত প্ৰতিঘাতৰ সন্মুখীন হৈ আহিছে সেই সময়তে ৰঙিয়াৰ এই যুৱক জনৰ স্বাৱলম্বীতাৰ উৎকৃষ্ট নিদৰ্শনে যথেষ্ট উৎসাহিত কৰি তুলিব আজিৰ নিবনুৱা যুৱক যুৱতী সকলক।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande