
কলকাতা, ০৭ জানুৱাৰী (হি.স.)। বিমান চলাচলৰ সময়ত হঠাৎ গুৰুতৰভাৱে অসুস্থ হৈ পৰাৰ ফলত বুধবাৰে বিয়লি কলকাতাত এখন বিমানে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়। জাৰ্মান নাগৰিক লুডৱিগ মানফ্ৰেড বুহলাৰ (৬৬) বৰ্তমান মহানগৰখনৰ ই এম বাইপাছ অঞ্চলৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হৈ আছে। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি তেওঁৰ মগজুৰ তীব্ৰ ৰক্তক্ষৰণ হোৱাৰ বাবে তৎকালীন অস্ত্ৰোপচাৰৰ প্ৰয়োজন হৈছে।
মঙলবাৰে নিশা সংঘটিত হয় এই ঘটনা। ভিয়েটনাম এয়াৰলাইন্সৰ এখন আন্তঃৰাষ্ট্ৰীয় বিমানে ২৭৬ জন যাত্ৰী কঢ়িয়াই ফ্ৰেংকফৰ্টৰ পৰা হানয়লৈ গৈ আছিল। বিমানখনত অকলে যাত্ৰা কৰি আছিল লুডৱিগ মানফ্ৰেড বুহলাৰ। উৰণৰ সময়ত হঠাতে তেওঁৰ অসুস্থ অনুভৱ হয় আৰু তেওঁৰ অৱস্থা দ্ৰুতগতিত অৱনতি ঘটে। পৰিস্থিতি অধিক ভয়াৱহ হোৱা দেখি পাইলটে বাৰাণসীৰ ওপৰেৰে উৰাজাহাজ চলাওঁতে কলকাতা এয়াৰ ট্ৰেফিক কণ্ট্ৰলৰ সৈতে যোগাযোগ কৰি যাত্ৰীজনৰ স্বাস্থ্যৰ খবৰ দিয়ে।
উৰণৰ সময়ত জাৰ্মান যাত্ৰীৰ স্বাস্থ্যৰ অৱনতি ঘটাত ক্ষীপ্ৰতাৰে কাম কৰি বিমানখন ডাইভাৰ্ট কৰি কলকাতা বিমানবন্দৰত অৱতৰণ কৰা হয়। অৱতৰণ কৰাৰ লগে লগে বিমানবন্দৰত উপস্থিত থকা চিকিৎসকৰ এটা দলে যাত্ৰীজনৰ প্ৰাৰম্ভিক পৰীক্ষা কৰে। তেওঁৰ অৱস্থাৰ ওপৰত ভিত্তি কৰি লগে লগে তেওঁক ই এম বাইপাছৰ ওচৰৰ ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।
চিকিৎসালয়খনত কৰা পৰীক্ষাত মগজুৰ তীব্ৰ ৰক্তক্ষৰণ হোৱা বুলি নিশ্চিত কৰা হৈছে। চিকিৎসকৰ মতে, ৰোগীজনৰ অৱস্থা সংকটজনক হৈ আছে আৰু অস্ত্ৰোপচাৰ কৰাটো অতি প্ৰয়োজনীয়। যিহেতু লুডৱিগ মানফ্ৰেড বুহলাৰে অকলে যাত্ৰা কৰি আছিল, সেয়েহে চিকিৎসালয় প্ৰশাসনে জাৰ্মান দূতাবাসৰ সৈতে যোগাযোগ কৰি অধিক চিকিৎসা পদ্ধতি আৰু আনুষ্ঠানিকতাৰ সমন্বয় সাধন কৰিছিল।
সম্প্ৰতি ৰোগীজনক চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসকৰ বিশেষ দলে নিৰীক্ষণ কৰি আছে। এই ঘটনাৰ পিছতে বিমানখনত থকা আন যাত্ৰীসকলৰ যাতায়তৰ সময়সীমা পৰৱৰ্তী সময়ৰ বাবে পুনৰ নিৰ্ধাৰণ কৰা হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া