
তিনিচুকীয়া, ০৭ জানুৱাৰী (হি.স.): তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত যোৱা কালি মঙলবাৰে বিয়লি সন্দেহজনক বহিঃৰাষ্ট্ৰ ম্যানমাৰৰ দুই যুৱকসহ ৫ জন লোকক আটক কৰা হয়। ইয়াৰ ভিতৰত এগৰাকী মহিলাও আছে। আটকাধীন লোককেইজনৰ জিম্মাৰ পৰা বৃহৎ পৰিমাণৰ নিষিদ্ধ ফিটা কানি জব্দ কৰে আৰক্ষীয়ে । মাৰ্ঘেৰিটাৰ চাহ বাগিছাৰ কলঘৰৰ সমিপত আৰক্ষীয়ে এখন বাহনৰ পৰা নিষিদ্ধ কানিসহ আটক লোককেইজনক।
আটকাধীন ৫ ব্যক্তি ক্ৰমে-চামকং হাখুন, আচং আও ( চালক), ছিমচা হাখুন (মহিলা ), ডব্লিউ হাখুন (সন্দেহজনক ম্যানমাৰৰ নাগৰিক) আৰু চানগিয়া হাখুন (সন্দেহজনক ম্যানমাৰৰ নাগৰিক) । আটকাধীন লোককেইগৰাকীৰ জিম্মাৰ পৰা ২ কিলো ৭৫২ গ্ৰাম নিষিদ্ধ ফিটা কানি জব্দ কৰা হৈছে।
এক গোপন সূত্ৰ পমখেদি আৰক্ষীয়ে দেওমালি পৰা মাৰ্ঘেৰিটা অভিমূখী এএছ ২৩ এএইচ ৭৪৫৫ নম্বৰৰ বলেৰ'ৰ বাহনখনত চলোৱা তালাচীত নিষিদ্ধ কানিসহ আটক হয় লোককেইজন। সন্দেহজনক বহিঃৰাষ্ট্ৰ ম্যানমাৰৰ যুৱকদ্বয় কি উদ্দেশ্যে মাৰ্ঘেৰিটালৈ আহিছিল বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। মাৰ্ঘেৰিটাৰ আৰক্ষীয়ে ৫ জনকে নিজৰ জিম্মাত লৈ বৰ্তমানেও তদন্ত অব্যাহত ৰাখিছে।
অভিযানকাৰী আৰক্ষীৰ দলটোৰ নেতৃত্বত আছিল ডিএচপি ফায়েজ আহমেদ আৰু মাৰ্ঘেৰিটা আৰক্ষী থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিলোৎপল দলে।আৰক্ষীয়ে নিষিদ্ধ মাদ্ৰক দ্ৰব্য বিৰুদ্ধে চলোৱা এই অভিযানত সন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় সচেতন মহলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ