
হোজাই, ০৭ জানুৱাৰী (হি.স.): হোজাই জিলাৰ লংকাৰ কাকী পুৰণাকাকীত যোৱা কালি মঙলবাৰে নিশা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । ধান খেৰ ভৰ্তি বাহনত চলন্ত অৱস্থাত অগ্নিকাণ্ড সংঘটিত হয়।
বৈদ্যুতিক তাৰত লাগি সংঘটিত হয় এই অগ্নিকাণ্ড। অত্যাধিক ধান খেৰ লৈ যোৱাৰ বাবেই সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডত খেৰ সহ বাহন খন জুইত সম্পূৰ্ণ ভাৱে ভস্মীভূত হয় । অগ্নিকাণ্ডত ভস্মীভূত বাহন খনৰ পঞ্জীয়ন নম্বৰ এএছ ২৫ চিচি ৫৫৩১ বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ