কলিয়াবৰ ১ নং বৰঘূলীত ভয়ংকৰ অগ্নিকাণ্ডত ৩ মহীয়া শিশু ভষ্মীভূত
কলিয়াবৰ ১ নং বৰঘূলীত ভয়ংকৰ অগ্নি কাণ্ড।
কলিয়াবৰ ১ নং বৰঘূলীত ভয়ংকৰ অগ্নিকাণ্ডত ৩ মহীয়া শিশু ভষ্মীভূত


নগাঁও, ০৭ জানুৱাৰী (হি.স.): নগাঁও জিলাৰ কলিয়াবৰ ১ নং বৰঘূলীত যোৱা কালি মঙলবাৰে বিয়লি এক ভয়ংকৰ অগ্নি কাণ্ডৰ ঘটনা সংঘটিত হয়। এই অগ্নিকাণ্ডত এটি ৩ মহীয়া শিশু অগ্নিদগ্ধ হৈ মৃত্যু হোৱাৰ লগতে আহত হৈছে দুজন। এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে কলিয়াবৰ সমজিলাৰ অন্তৰ্গত ১ নং বৰঘূলীৰ ৰাজব আলী, মতিবুৰ ৰহমান নামৰ লোক কেইজনৰ বাসগৃহত । অগ্নি কাণ্ডৰ ফলত দুটাকৈ বাসগৃহত পুৰি সম্পুৰ্ণৰোপে ছাৰকাৰ হয়।

জানিব পৰা মতে অগ্নি কাণ্ডৰ সূত্ৰপাত ৰান্ধনী ঘৰৰ পৰাই সৃষ্টি হয়। গাওঁবাসীয়ে। ঘটনা স্থলীত আমবাগান আৰু কলিয়াবৰ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ বহু চেষ্টাৰ মোৰত জুই নুমুৱাবলৈ সক্ষম হয় যদিয়ো জুইত অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাবতি ললে এটি মতিবুৰ ৰহমানৰ তিনি মহীয়া কনমানি শিশুয়ে। অগ্নি কাণ্ডতপ্ৰায় ২ লাখ ৫০ বাজাৰ টকাৰ নগদ ধনৰ লগতে ঘৰৰ সা-সামগ্ৰী নথি-পত্ৰ সম্পূৰ্ণৰূপে জুইত জাহ যায় । আনুমানিক প্ৰায় ২০ লক্ষ্যধিক টকাৰ ক্ষতি হৈছে বুলি ধাৰণা কৰিছে ইতিমধ্যে চুলুং আৰু উলুৱলী আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। ঘটনাস্থলিত ইতিমধ্যে দণ্ডাধিশ উপস্থিত হৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande