অংকিতা ভাণ্ডাৰী গোচৰঃ দুষ্যন্ত গৌতমৰ সৈতে জড়িত বিষয়বস্তু ছচিয়েল মিডিয়াৰ পৰা আঁতৰোৱাৰ নিৰ্দেশ
নতুন দিল্লী, ০৭ জানুৱাৰী (হি.স.)। উত্তৰাখণ্ডৰ ২০২২ চনৰ অংকিতা ভাণ্ডাৰী গোচৰৰ সৈতে জড়িত বিজেপি নেতা দুষ্যন্ত গৌতমৰ সৈতে জড়িত কন্টেন্ট ২৪ ঘন্টাৰ ভিতৰত ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰোৱাৰ নিৰ্দেশ দিছে দিল্লী উচ্চ ন্যায়ালয়ে। ন্যায়াধীশ মিনি পুষ্কৰণাৰ নে
दिल्ली उच्च न्यायालय


নতুন দিল্লী, ০৭ জানুৱাৰী (হি.স.)। উত্তৰাখণ্ডৰ ২০২২ চনৰ অংকিতা ভাণ্ডাৰী গোচৰৰ সৈতে জড়িত বিজেপি নেতা দুষ্যন্ত গৌতমৰ সৈতে জড়িত কন্টেন্ট ২৪ ঘন্টাৰ ভিতৰত ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰোৱাৰ নিৰ্দেশ দিছে দিল্লী উচ্চ ন্যায়ালয়ে। ন্যায়াধীশ মিনি পুষ্কৰণাৰ নেতৃত্বত এখন বিচাৰপীঠে কয় যে যদি ২৪ ঘণ্টাৰ ভিতৰত দুষ্যন্ত গৌতমৰ সৈতে জড়িত ভিডিঅ’ আৰু কন্টেন্ট আঁতৰোৱা নহয় তেন্তে ছ’চিয়েল মিডিয়া প্লেটফৰ্মে নিজেই আঁতৰাই পেলাব লাগে। আদালতে আৰু কয় যে যদি একেধৰণৰ বিষয়বস্তু পুনৰ আপলোড কৰা হয় তেন্তে ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহে আবেদনকাৰীক অৱগত কৰিব লাগে যাতে তেওঁলোকে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

শুনানিৰ সময়ত দুষ্যন্ত গৌতমৰ অধিবক্তা গৌৰৱ ভাটিয়াই যুক্তি আগবঢ়ায় যে এই ভিডিঅ’সমূহ আবেদনকাৰীক বদনাম কৰিবলৈ আপলোড কৰা হৈছে, আৰু এই মানহানিৰ লগত ৰাজনৈতিক দলৰ একাউণ্টো জড়িত হৈ আছে। তেওঁ উল্লেখ কৰে যে অংকিতা ভাণ্ডাৰী গোচৰত আবেদনকাৰীৰ নাম কেতিয়াও উল্লেখ কৰা হোৱা নাছিল। ইতিমধ্যে এই বিষয়ত বিচাৰ আদালতে ৰায় জাৰি কৰিছে। ভাটিয়াই উল্লেখ কৰে যে বিগত আবেদনকাৰীয়ে পাঁচ বছৰ ধৰি ৰাজনীতি কৰি আছে আৰু এই ভিডিঅ’টোৰ বাবে যথেষ্ট বদনামৰ সন্মুখীন হৈছে। এই পৰ্যন্ত যি বদনাম ভোগ কৰিছে তাৰ ক্ষতিপূৰণ দিব নোৱাৰি।

দুষ্যন্ত গৌতমে তেওঁক অংকিতা ভাণ্ডাৰী গোচৰৰ সৈতে জড়িত কন্টেন্ট আঁতৰাবলৈ দাবী জনাই এখন আৱেদন দাখিল কৰে। আবেদনখনত গৌতমে উল্লেখ কৰিছে যে ২০২৫ চনৰ ২৪ ডিচেম্বৰত ছ’চিয়েল মিডিয়াত এটা মানহানিকাৰক ভিডিঅ’ আপলোড কৰা হৈছিল, যিটো ভাইৰেল হৈছিল। এই ভিডিঅ'টোৱে এটা ভুৱা আখ্যান সৃষ্টি কৰি ঘটনাৰ লগত জড়িত কৰি দুষ্যন্ত গৌতমক বদনাম কৰাৰ চেষ্টা চলাইছিল। আবেদনখনত উল্লেখ কৰা হৈছে যে তদন্তৰ সময়ত তদন্তকাৰী সংস্থাসমূহে কেতিয়াও তেওঁৰ নাম প্ৰকাশ কৰা নাছিল।

আৱেদনখনত উল্লেখ কৰা হৈছে যে অংকিতা ভাণ্ডাৰী গোচৰত চলি থকা প্ৰচাৰ ভুৱা বাতৰিৰ শ্ৰেণীত পৰে আৰু এই প্ৰচাৰৰ জৰিয়তে ৰাজনৈতিক সুবিধা লাভৰ প্ৰয়াস কৰা হৈছে।

উত্তৰাখণ্ড আৰক্ষীয়ে অংকিতা ভাণ্ডাৰী গোচৰৰ শেহতীয়া ভিডিঅ’ৰ সৈতে জড়িত উৰ্মিলা সনাৱাৰ আৰু সুৰেশ ৰাথোৰৰ বিৰুদ্ধে মিছা অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰি একাধিক এফআইআৰ দাখিল কৰিছে।

২০২২ চনৰ ছেপ্টেম্বৰ মাহত উত্তৰাখণ্ডৰ এখন ৰিজ’ৰ্টত ১৯ বছৰীয়া ৰিচেপচনিষ্ট অংকিতা ভাণ্ডাৰীক হত্যা কৰা হৈছিল। অভিযোগ অনুসৰি ৰেষ্টুৰেণ্টৰ মালিক পুলকিত আৰ্য্যই তেওঁক অতিথিৰ সৈতে যৌন সম্পৰ্ক স্থাপনৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল। পুলকিত আৰ্য্যৰ পিতৃ আছিল বিজেপিৰ প্ৰাক্তন নেতা। এটা নলাৰ পৰা উদ্ধাৰ হৈছে অংকিতা ভাণ্ডাৰীৰ মৃতদেহ। এই গোচৰত বিচাৰ আদালতে পুলকিত আৰ্য আৰু আন দুগৰাকীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

শেহতীয়াকৈ বিতৰ্কৰ সৃষ্টি হয় বিজেপিৰ প্ৰাক্তন বিধায়ক সুৰেশ ৰাথোৰৰ পত্নী উৰ্মিলা সনাৱৰে অংকিতা ভাণ্ডাৰীক বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতাৰ সৈতে যৌন সম্পৰ্ক স্থাপনৰ বাবে হেঁচা প্ৰয়োগ কৰা বুলি অভিযোগ উত্থাপন কৰে। পিছত ৰাথোৰে কয় যে এই ভিডিঅ’ ক্লিপটো এআই ব্যৱহাৰ কৰি তৈয়াৰ কৰি বিজেপিক বদনাম কৰিবলৈ মুকলি কৰা হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande