

পাটনা, ০৭ জানুৱাৰী (হি.স.)। পাটনা উচ্চ ন্যায়ালয়ৰ নৱনিযুক্ত মুখ্য ন্যায়াধীশ ন্যায়মূৰ্তি সংগম কুমাৰ সাহুক বুধবাৰে বিহাৰ লোকভৱনত ৰাজ্যপাল আৰিফ মহম্মদ খানে কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰোৱায়। ইয়াৰ লগে লগে ন্যায়াধীশ সংগম কুমাৰ সাহু পাটনা উচ্চ ন্যায়ালয়ৰ ৪৭ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে পৰিগণিত হয়।
শপতগ্ৰহণৰ পিছত ন্যায়াধীশ সাহুৱে আনুষ্ঠানিকভাৱে মুখ্য ন্যায়াধীশৰ পদ গ্ৰহণ কৰে। তেওঁ প্ৰাক্তন মুখ্য ন্যায়াধীশ পি.বি. বজনথ্ৰিৰ স্থানত এই দায়িত্ব গ্ৰহণ কৰে । ইয়াৰ পূৰ্বে ন্যায়াধীশ সুধীৰ সিঙে পাটনা উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।
শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, উপ-মুখ্যমন্ত্ৰী বিজয় কুমাৰ সিনহা, বিধানসভাৰ অধ্যক্ষ প্ৰেম কুমাৰ, জলসম্পদ মন্ত্ৰী বিজয় চৌধুৰী, পাটনা উচ্চ ন্যায়ালয়ৰ কেইবাগৰাকীও ন্যায়াধীশ, জ্যেষ্ঠ অধিবক্তা, প্ৰশাসনিক বিষয়া,কে ধৰি অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
যোৱা মাহৰ পৰা আৰম্ভ হৈছিল ন্যায়াধীশ সংগম কুমাৰ সাহুক নিযুক্তিৰ প্ৰক্ৰিয়া। উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে ২০২৫ চনৰ ১৮ ডিচেম্বৰত অনুষ্ঠিত বৈঠকত কেন্দ্ৰীয় চৰকাৰক তেওঁৰ নামৰ পৰামৰ্শ দিয়ে। ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পিছত কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ে তেওঁক নিযুক্তিৰ আনুষ্ঠানিক অধিসূচনা জাৰি কৰে।
ন্যায়মূৰ্তি সংগম কুমাৰ সাহু কোন?
১৯৬৪ চনত জন্মগ্ৰহণ কৰা ন্যায়াধীশ সংগম কুমাৰ সাহুৱে ওড়িশাৰ কটকৰ নয়া বজাৰ হাইস্কুলত মেট্ৰিক আৰু প্লাছ টুৰ শিক্ষা সম্পূৰ্ণ কৰি বি. ষ্টুৱেৰ্ট বিজ্ঞান মহাবিদ্যালয়ৰ পৰা ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত তেওঁ উটকাল বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী আৰু ওডিয়া বিষয়ত এম.এ. তেওঁৰ আইনী জ্ঞান আৰু বুজাবুজি উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল। তেওঁৰ পিতৃ শৰৎ চন্দ্ৰ সাহু ওড়িশাৰ এজন প্ৰখ্যাত অপৰাধ আইন বিশেষজ্ঞ আছিল। ন্যায়াধীশ সাহুৱে পিতৃৰ তত্ত্বাৱধানত ওকালতিৰ সূক্ষ্মতা শিকিছিল। ১৯৮৯ চনৰ ২৬ নৱেম্বৰত ওড়িশা ৰাজ্যিক বাৰ কাউন্সিলত অধিবক্তা হিচাপে নামভৰ্তি কৰে আৰু ড° মনোৰঞ্জন পাণ্ডাৰ সৈতেও কাম কৰে। অপৰাধমূলক গোচৰত তেওঁৰ বিশেষ সুনাম আছে। তেওঁৰ বিশেষজ্ঞতা আৰু অভিজ্ঞতাৰ ভিত্তিত ২০১৪ চনৰ ২ জুলাইত ওড়িশা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। বৰ্তমান তেওঁ পাটনা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব লাভ কৰে ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া