
চিৰা, ০৭ জানুৱাৰী (হি.স.)। চিৰাঙৰ বিজনী মহকুমা আক্ৰাছুৰ কাৰ্যালয়ত বুধবাৰে ২৫ সংখ্যক শ্বহীদ দিৱস উদযাপন কৰা হয়। বিজনী মহকুমা আক্ৰাছুৰ উদ্যোগত উদযাপন কৰা হয় এই শ্বহীদ দিৱস।
তদুপলক্ষে আক্ৰাছুৰ পতাকা উত্তোলন কৰে বিজনী মহকুমা আক্ৰাছুৰ সভাপতি জগন্নাথ বৰ্মনে। চিলাৰায় সেনাৰ পতাকা উত্তোলন কৰে আক্ৰাছুৰ কেন্দ্ৰীয় উপ সভাপতি গোপাল ৰায়ে। কোচ ৰাজবংশী মহিলা সমিতিৰ পতাকা উত্তোলন কৰে নোৱাপাৰা পঞ্চায়তৰ সভানেত্ৰী মামনি ৰায়ে। সাংস্কৃতিক পতাকা উত্তোলন কৰে বিজনী মহকুমা আক্ৰাছুৰ সাংস্কৃতিক সম্পাদক ৰাকেশ বৰ্মনে। শ্বহীদ তৰ্পন কৰে বিজনীৰ শ্বহীদ পৰিয়ালৰ সদস্যদ্বয় দেব কুমাৰ বৰ্মন আৰু অজিত কুমাৰ ৰায়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা