
শিৱসাগৰ, ০৭ জানুৱাৰী (হি.স.)। শিৱসাগৰত ৫ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হব ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ ২০২৬। প্ৰথিতযশা সাহিত্যিক ৰীতা চৌধুৰী পৰিচালিত আধাৰশিলা নামৰ ন্যাসৰ দ্বাৰা আয়োজন কৰা হব ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ ২০২৬। আজি শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত বিশিষ্ট সাহিত্যিক,লেখিকা ৰীতা চৌধুৰীয়ে এক সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰে।
শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ লগতে দিচাংমুখ আৰু বৰ্ডিং খেলপথাৰত ৫,৬,৭,৮ ফেব্ৰুৱাৰী তাৰিখলৈকে চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰা হব ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ ২০২৬। শব্দ,লয় আৰু কলাই কিদৰে মানৱতাৰ জয়গাণ গোৱাত ভূমিকা আগবঢ়াইছে তাৰ উদ্দেশ্যৰেই আয়োজিত কৰা হব ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ ২০২৬।
পৃথিৱীৰ বিভিন্ন দেশৰ বক্তা,বুৰঞ্জীবিদ,সাহিত্যিকে অংশগ্ৰহণ কৰিব এই উৎসৱত। সমান্তৰালভাবে অনুষ্ঠিত হব সংগীতানুষ্ঠানৰ।
দেশৰ লগতে বিদেশৰো কেইবাজনো সংগীত শিল্পীয়ে এই সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰিব। ম্যানমাৰ,কেনিয়া ,হাংগেৰী,শ্লোভাকিয়া আদি দেশৰ বক্তাসকলে সাহিত্য উৎসৱত অংশগ্ৰহণ কৰাৰ লগতে নিজা নিজা ব্যক্তব্য আগবঢ়াব।
বড়ো আৰু মিচিং জনগোষ্ঠীৰ সংস্কৃতি,সাহিত্য ,লোকাচাৰক প্ৰাধান্য দিয়া সাহিত্য উৎসৱত। আইৰিছ মেকফাৰ্লেনৰ Children Of Bird God Hill নামৰ এখন গ্ৰন্থ উন্মোচন কৰা হব ব্ৰহ্মপুত্ৰ গ্ৰন্থ উৎসৱ ২০২৬ ত। সাহিত্য উৎসৱত উন্মোচিত হবলগীয়া গ্ৰন্থখনৰ পৰা আয় হোৱা ধন চাহ বাগিচাৰ শিশু সকলৰ উন্নয়নৰ কামত ব্যৱহাৰ কৰা হব ।
ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱত কিছুমান বিশেষ বিষয়ৰ ওপৰত আলোচনা চক্ৰ অনুষ্ঠিত হব। ইয়াণ্ডাবু সন্ধিৰ ২০০ বছৰৰ পাছত প্ৰভাৱৰ বিষয়ে আলোচনা চক্ৰ অনুষ্ঠিত হব । অসমৰ ২০০ বছৰীয়া চাহ উদ্যোগৰ বিষয়ে আলোচনা কৰা হব এই সাহিত্য উৎসৱত।
নাগাছাকি আৰু হিৰোশ্বিমাৰ পাৰমাণৱিক আৰু আণৱিক বোমা বিস্ফোৰণৰ ৭০ বছৰৰ পাছত গোলকীয় প্ৰভাৱৰ বিষয়ে আলোচনা চক্ৰ অনুষ্ঠিত হব।
ইয়াৰ উপৰিও অনুপ্ৰৱেশ,চিনেমাৰ বিষয়েও আলোচনা চক্ৰ অনুষ্ঠিত হব । শান্তি নিকেতনৰ পৰা অহা এটা দলে চিত্ৰকলাৰ ওপৰত এক কৰ্মশালা অনুষ্ঠিত কৰিব।
বিশেষকৈ ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ জৰিয়তে উঠি অহা প্ৰজন্মৰ প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী সকলক উৎসাহিত কৰিব পৰাকৈ সাহিত্য,সংস্কৃতি,বুৰঞ্জী,পৰম্পৰা,লোকাচাৰ আদিৰ ওপৰত অনুষ্ঠান আয়োজন কৰা হব । দিচাংমুখৰ বালিচাপৰিত অনুষ্ঠিত কবিতাৰ অনুষ্ঠান।
অসম চৰকাৰ তথা মুখ্যমন্ত্ৰীক এই ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱত সহায়ৰ আহ্বান ৰীতা চৌধুৰীৰ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা