
মুম্বাই, ০৬ জানুৱাৰী (হি.স.)। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ কালমাদী (৮২)ৰ আজি পুৱা পুনেৰ দীননাথ মংগেশকাৰ চিকিৎসালয়ত দেহাৱসান ঘটে। কিছুদিন পূৰ্বে চিকিৎসাৰ বাবে কলমাডীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তেওঁ পত্নী, পুত্ৰ, এগৰাকী বোৱাৰী, দুগৰাকী বিবাহিত কন্যা, এগৰাকী জোঁৱাই আৰু নাতি-নাতিনীকে ধৰি এৰি থৈ যায় এটা বৃহৎ পৰিয়াল । তেওঁৰ মৃতদেহ পুনেৰ ঘৰ কালমাদী হাউচত ৰাজহুৱা দৰ্শনৰ বাবে ৰখা হৈছে। আজি সন্ধিয়া পুনেৰ নৱী পেঠৰ বৈকুণ্ঠ শ্মশানত তেওঁৰ অন্তিম অনুষ্ঠান সম্পন্ন কৰা হ’ব।
১৯৪৪ চনৰ ১ মে’ত জন্মগ্ৰহণ কৰা সুৰেশ কালমাদী ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে বায়ুসেনাৰ পাইলট আছিল। ৰাজনীতিত প্ৰৱেশ কৰাৰ পিছত ১৯৮২ চনৰ পৰা ১৯৯৬ চনলৈ ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰা তেখেতে ১৯৯৬ আৰু ২০০৪ চনত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।ৰাজনীতিৰ উপৰিও সুৰেশ কলমাদীয়ে ক্ৰীড়া জগতত নিজৰ নাম উজলাইছিল। পুনে উৎসৱ আৰু পুনে মাৰাথনৰ জৰিয়তে তেওঁ পুনেক বিশ্বব্যাপী স্বীকৃতি কঢ়িয়াই আনিছিল। দীৰ্ঘদিন পুনেৰ পৰা সংসদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ৰে’ল বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ পদতো অধিষ্ঠিত হৈছিল।
ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ কাৰ্যকালত ভাৰতে কমনৱেলথ গেমছৰ আয়োজন কৰিছিল। অৱশ্যে এই কমনৱেলথ গেমছত তেওঁৰ বিৰুদ্ধে জালিয়াতিৰ অভিযোগ উত্থাপন হৈছিল। এই গোচৰত ২০১১ চনত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ পাছতে দলটোৱে তেওঁক নিলম্বন কৰে। ইয়াৰ ফলত পুনেৰ সৰ্বশক্তিমান নেতা বুলি গণ্য কৰা সুৰেশ কলমাদীৰ ৰাজনৈতিক জীৱনৰ অন্ত পৰিল। প্ৰৱৰ্তন সঞ্চালকালয়ে ১৫ বছৰৰ পাছত এই গোচৰৰ বন্ধৰ প্ৰতিবেদন আদালতত দাখিল কৰি তেওঁক ক্লিন চিট প্ৰদান কৰে। এই ৰায়দানৰ পিছতে পুনেত কলমাদীৰ সমৰ্থকসকলে উদযাপন কৰে। কিন্তু ৰায়দান অহাৰ সময়লৈকে কলমাদীৰ সমগ্ৰ ৰাজনৈতিক জীৱন শেষ হৈ গৈছিল। কিছুদিন ধৰি তেওঁ অসুস্থতাৰ সৈতে যুঁজি আছিল। তেওঁৰ মৃত্যুত পুনেৰ ৰাজনৈতিক আৰু সামাজিক মহলত ব্য়থাৰ সৃষ্টি হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া