
চণ্ডীগড়, ০৬ জানুৱাৰী (হি.স.)। পঞ্জাৱ আৰক্ষীয়ে সীমান্ত সুৰক্ষা বাহিনীৰ সহযোগত ভাৰত-পাকিস্তান সীমান্তত অভিযান চলাই ১৯,৯৮০ কিলোগ্ৰাম হেৰ’ইন উদ্ধাৰ কৰাৰ লগতে চাৰিটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। এই বছৰ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে এইটোৱেই হৈছে আটাইতকৈ ডাঙৰ দমন। আন্তঃৰাষ্ট্ৰীয় বজাৰত এই হেৰ’ইনৰ মূল্য প্ৰায় ১০০ কোটি টকা।
পঞ্জাৱ আৰক্ষী সঞ্চালক প্ৰধান গৌৰৱ যাদৱে আজি পুৱা এক্স-পোষ্টৰ সৈতে এই অগ্ৰগতিৰ সবিশেষ ভাগ-বতৰা কৰে। প্ৰাথমিক তদন্তত পাকিস্তানৰ পৰা অহা চোৰাং ব্যৱসায়ীৰ সৈতে সম্পৰ্ক প্ৰকাশ পাইছে। যাদৱে কয় যে এন ডি পি এছ আইনৰ অধীনত অভিযুক্তসকলৰ বিৰুদ্ধে এফ আই আৰ পঞ্জীয়ন কৰা হৈছে, আৰু সীমা অতিক্ৰম কৰি চোৰাংচোৱাক চিনাক্ত কৰা, যোগানৰ পথ বিচাৰি উলিওৱা, সমগ্ৰ নেটৱৰ্কটো ধ্বংস কৰাৰ বাবে তদন্ত চলি আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া