
গোলাঘাট, ০৬ জানুৱাৰী (হি.স.)। মৰঙিৰ কেন্দুগুৰিত বনৰীয়া হাতীয়ে ভাঙিলে বাসগৃহ। খালে ভঁৰালৰ ধান। নুমলীগড়-মৰঙিত সন্ত্ৰাসৰ অন্যতম কাৰক হৈ পৰিছে বন্যহস্তী। নিতৌ জনাঞ্চলত প্ৰৱেশ কৰি উপদ্ৰৱ চলাব ধৰিছে। যোৱা নিশা মৰঙিৰ কেন্দুগুৰিত এটা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায়।
এটা বাসগৃহ ভাঙি ৩-৪ কুইণ্টল ভঁৰালৰ ধান খায়। তদুপৰি, বিছনা, গডৰেজকে আদি কৰি আচবাব ভাঙি বিস্তৰ ক্ষতি কৰে। বকিয়াল খণ্ড বন কাৰ্য্যালয়ত খবৰ দিয়াৰ পিচতো উপস্থিত নহ'ল বনকৰ্মী। বিগত কিছু বছৰৰ পৰা প্ৰত্যেক শীতকালতে বন্য়হস্তী জনাঞ্চলত প্ৰৱেশ কৰি কৃষকৰ ধান খাই কৃষকক হাৰাসাস্তি কৰা ঘটনা এক নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে। কৃষকে বিচাৰিছে ইয়াৰ পৰা পৰিত্ৰান।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা