
নলবাৰী, ০৬ জানুৱাৰী (হি.স.)। নলবাৰীত ভুল চিকিৎসাৰ বলি হৈ এগৰাকী প্ৰসুতিৰ মৃত্যুৰ অভিযোগ উত্থাপন। মহিলা গৰাকীৰ মৃত্যুৰ ঘটনাক লৈ নলবাৰীৰ ইউনাইটেড হস্পিতালত কালি নিশা উত্তেজনাৰ সৃষ্টি। সন্তান প্ৰসৱৰ পিছতে এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই চেপা উত্তেজনাৰ।
মৃত্যু হোৱা মহিলা গৰাকী হ'ল নলবাৰী চহৰৰ ২ নং ৱাৰ্ডৰ মালিকুছি নিবাসী বেদান্ত বৰ্মনৰ পত্নী অৰ্চনা বৰ্মন।উল্লেখযোগ্য সোমবাৰে বিয়লি পিছত মহিলাগৰাকীক তেওঁৰ স্বামী বেদান্ত বৰ্মনে উক্ত হস্পিটেলত ভর্তি কৰোৱায়।ইয়াৰ পিছতে মহিলা গৰাকীৰ এটি ল'ৰা সন্তান জন্ম হয়।কিন্তু দুৰ্ভাগ্যজনক ভাবে মহিলা গৰাকীৰ মৃত্যু হয়।এই ঘটনাক মহিলা গৰাকীৰ আত্মীয়ই চিকিৎসকৰ ভুলৰ বাবে সংঘটিত হোৱা বুলি দাবী কৰিছে।আনহাতে চিকিৎসকৰ মতে মহিলাগৰাকীৰ ৰক্তচাপ হ্ৰাস,অক্সিজেন কমি হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু মুখত পৰে কয় । মহিলা গৰাকীক চিকিৎসা প্ৰদান কৰিছিল চিকিৎসক ভদ্ৰেশ্বৰ ৰাজবংশী য়ে।এই ঘটনাক কেন্দ্ৰ কৰি চিকিৎসালয়খনত নিশা উত্তেজনাৰ সৃষ্টি হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ