দেৰগাঁও চহৰৰ মাজমজিয়াত বাঘৰ আতংক
দেৰগাঁও চহৰৰ মাজমজিয়াত বাঘৰ আতংক।
দেৰগাঁও চহৰৰ মাজমজিয়াত বাঘৰ আতংক


গোলাঘাট, ০৬ জানুৱাৰী (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁও চহৰৰ মাজমজিয়াত বাঘৰ আতংক বিৰাজ কৰিছে। দেৰগাঁও খাউণ্ডপাৰাত ওলাইছে বাঘ । আজি কেইবামাহু ধৰি দেৰগাঁৱৰ বিভিন্ন গ্ৰামাঞ্চলত বাঘে তীব্ৰ আতংকৰ সৃষ্টি কৰি আহিছে। তাৰ বিপৰীতে ৰাইজে এইবাৰ বাঘ প্ৰত্যক্ষ কৰে দেৰগাঁও চহৰৰ খাউণ্ডপাৰাত।

উল্লেখ্য এই অঞ্চলটোত বাঘৰ আতংক আৰম্ভ হোৱাৰ পূৰ্বে আফুৱা গাঁও, কমাৰগাঁও ভকতীয়া, বঙ্গালগাঁও, বাৰেঘৰীয়া আদি অঞ্চলত বাঘে বিচৰণ কৰা ৰাইজে প্ৰত্যক্ষ কৰিছিল। জানিব পৰা মতে প্ৰত্যক্ষদৰ্শীয়ে খাউণ্ডপাৰাৰ এখন হাবিত ছাগলী নিবলৈ আহোতে বাঘটো প্ৰত্যক্ষ কৰে। আতংকিত ৰাইজে বন বিভাগক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবি জনাইছে।বাঘৰ খবৰ ওলোৱাত ৰাইজ গ্ৰভীৰ চিন্তাত পৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande